নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰাত সাংস্কৃতিক দালালৰ দপদপনি

🔹 ফেশ্বন শ্বৰ নামত ব্যাপক ধন সংগ্ৰহ ভাস্কৰৰ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : শোণিতপুৰৰ ৰঙাপৰাত এজন যুৱকৰ বিৰুদ্ধে সংস্কৃতিৰ নামত ধন ঘটাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে কেতবোৰ পাবত গজা বেপাৰীয়ে ধন ঘটাৰ বাবে সহজ পন্থা হিচাপে বাছি লৈছে ফেশ্বন শ্ব ৷ বছৰত দুই-তিনিটা শ্ব অনুষ্ঠিত কৰি নাটকীয়ভাৱে লাখ লাখ টকা সংগ্ৰহ কৰে একাংশ সাংস্কৃতিক অনুষ্ঠানে । শোণিতপুৰ জিলাৰ ৰঙাপৰাতো এজন যুৱকে ফেশ্বন শ্বৰ নামত একাংশ যুৱক-যুবতী, কিশোৰ-কিশোৰীৰ পৰা ভুৱা প্ৰতিশ্ৰুতি দি লাখ লাখ টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি, যুৱকজনে নিজকে মুম্বাই, কলকাতাৰ বিজয়ী প্ৰাৰ্থী বুলি দাবী কৰি ৰঙাপৰা চহৰৰ মাজমজিয়াত থকা কমলা হলত বছৰত অতি কমেও তিনিটাকৈ শ্ব আয়োজন কৰি আহিছে ৷ শেহতীয়াকৈ কেলেণ্ডাৰ গাৰ্ল আৰু ৰানওৱে প্ৰতিযোগিতা পতাৰ নামত যুৱকজনে প্ৰতিগৰাকী প্ৰতিযোগীৰ পৰা প্ৰতিটো বিভাগত 2000 কৈ অতিকমেও লাখ টকা সংগ্ৰহ কৰে বি এছ প্ৰডাকচনৰ ভাস্কৰ সাহা নামৰ সাংস্কৃতিক দালালজনে ৷ অভিযোগকাৰীৰ মতে, বিয়লি ৪ বজাৰ পৰা আয়োজন কৰা শিশুসকলৰ শ্ব আৰম্ভ কৰে নিশা ১০ বজাত ৷ অনুষ্ঠানলৈ শিশুক অংশগ্ৰহণৰ বাবে লগত লৈ অহা অভিভাৱকে বোন্দাপৰ দিবলগীয়া হোৱাৰ ফলত অভিভাৱকসকল অতিষ্ঠ হৈ পৰে ৷ আনকি, উৎকট গৰমত কমলা হলত এ চি দূৰৰে কথা, ভাল ফেন এখনৰো ব্যৱস্থা নকৰাক লৈ প্ৰায়েই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ প্ৰতিটো অনুষ্ঠানত আমদানি কৰাৰ দৰে এইবাৰো সেই দুগৰাকী তথাকথিত চেলিব্ৰিটীক এইবাৰো মঞ্চত উঠাই লৈ এঘন্টাৰ বাবে সংস্কৃতিৰ নামত কেৱল নাটক কৰে ভাস্কৰ সাহা নামৰ সাংস্কৃতিক দালালজনে ৷ উত্থাপিত আন এক অভিযোগ অনুসৰি, এই দালালৰূপী যুৱকজনে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি কৈ কোনো বিচাৰক নোহোৱাকৈ নিশা প্ৰায় ১০ বাজি যোৱাৰ পিছতো প্ৰতিযোগিতা অনুষ্ঠিত নকৰি প্ৰদৰ্শনীহে কৰে৷ য’ত সকলো প্ৰতিযোগীক দিয়ে এখন বহি:ৰাজ্যৰ গামোচা, চাৰ্টিফিকেট আৰু এটা প্লাস্টিকৰ পানী বটল৷ 2000 টকীয়া শ্ব এয়া ৷ য’ত মাত্ৰ এজনৰ নামত খৰচ কৰিছে মাত্ৰ ৫০ টকা৷ বাকী পকেটত৷ সমাগত দুৰ্গাপূজা, গতিকে এইদৰেই ফেশ্বন শ্বৰ নামত অপসংস্কৃতিয়েই নহয়, অসমীয়া সংস্কৃতিক মষিমূৰ কৰি বাহিৰা সংস্কৃতিক আদৰি ল’বলৈ একাংশ পাবত গজা লোকে ৰঙাপৰাত কাৰ আশীৰ্বাদত টকা ঘটাৰ বেপাৰ আৰম্ভ কৰিছে৷ জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ সাধনাৰ থলীত একাংশ ধুৰন্ধৰে টকা ঘটাৰ নামত এইদৰেই লাখ লাখ টকা সংগ্ৰহ কৰিছে৷ জানিব পৰা মতে, লোকজনৰ নাই প্ৰশাসনৰ কোনো অনুমতি ৷ সংগ্ৰহ কৰা এই ধনৰাশিৰ কৰ কিন্তু নাপায় চৰকাৰে৷ তেন্তে কিদৰে এইধৰণে বেপাৰ চলাইছে ভাস্কৰে? কাৰ বলেৰে বলীয়ান ভাস্কৰ সাহা? প্ৰশাসনে কিয় ব্যৱস্থা ল’বলৈ সাহস কৰা নাই এইসকল উদ্যোক্তাৰ বিৰুদ্ধে ? এইক্ষেত্ৰত ৰঙাপৰা আৰক্ষী আৰু প্ৰশাসন তথা পৌৰসভা মৌন কিয় ? ক’ত কোন মেনেজ হৈছে? এনেধৰণৰ বহু প্ৰশ্ন এতিয়া সচেতন ৰাইজ, ভুক্তভোগী অভিভাৱকৰ মাজত উত্থাপন হৈছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like