নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰী আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে সন্ধিয়া মৈৰাবাৰী আৰক্ষীৰ অভিযানত জালত পৰিছে এজন কুখ্যাত চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধীজনৰ নাম আবু নছৰ (৩৭) আৰু ঘৰ মৈৰাবাৰী থানা এলেকাধীন লেংৰিবৰী গাঁৱৰ এক নং ৱাৰ্ডত। কিছুদিন পূৰ্বে জাগীৰোড আৰক্ষীয়ে মৰিগাঁৱৰ মিনি ডুবাই নামে খ্যাত উক্ত লেংৰিবৰী গাঁৱৰে অলি উল্লাহ ওৰফে মামুন মুন্সী নামৰ এজনক চাইবাৰ অপৰাধত জড়িত থকা বাবে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। মামুন মুন্সীৰ স্বীকাৰোক্তিৰ ভিত্তিত আবু নছৰ নামৰ লোকজনক মৈৰাবাৰী আৰক্ষীয়ে আটক কৰে । ইতিমধ্যে আবু নছৰক মৈৰাবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে জাগীৰোড আৰক্ষীয়ে কৰায়ত্ত কৰা মামুন মুন্সী আৰু আবু নছৰ একেখন গাঁৱৰে হয় আৰু দুয়োজনেই কেইবাটাও ঋণ কোম্পানীৰ পৰা ভুৱা নাম-ঠিকনাৰে লাখ লাখ টকা লুট কৰাৰ তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে।

 

প্ৰেৰক আবুল কাছেম 

You might also like