নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহকুমা চিকিৎসালয়ত চিকল চেল দিৱস উদযাপন

বিশেষ বার্তা, ১৯ জুন : নাহৰকটীয়া দীঘলাপথাৰস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত আজি চিকিৎসালয়খনৰ অধীক্ষক ডাঃ বিশ্বজিত বৰুৱাৰ অধ্যক্ষতাত “বিশ্ব চিকল চেল দিৱস” উপলক্ষে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। চিকিৎসালয় খনৰ চিকিৎসক, ষ্টাফ নাৰ্ছ, স্বাস্থ্য কৰ্মচাৰী, ৰোগী আৰু তেওঁলোকৰ পৰিচাৰক সকলকে ধৰি শতাধিক লোকে অংশগ্ৰহণ কৰা এই সজাগতা সভাখনত মহকুমা অসামৰিক চিকিৎসালয় আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ-অধীক্ষক ডাঃ প্ৰনৱ পাংগ্যাক আৰু ডাঃ মনজিৎ বৰগোহাঁইয়ে চিকল চেল ৰোগ কেনেদৰে সংঘটিত হয় আৰু শৰীৰত ইয়াৰ জটিলতা সম্পৰ্কে সজাগতা মূলক বক্তব্য আগবঢ়ায়। একেদৰে মহকুমা অসামৰিক চিকিৎসালয়খনৰ অধীক্ষক ডাঃ বিশ্বজিৎ বৰুৱাই এম অ’ এইচ এফ ডব্লিউৰ উদ্যোগত আৰম্ভ কৰা ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযানৰ বিষয়ে উল্লেখ কৰে। তেওঁ গণ সমাৱেশক স্ক্ৰীনিং টেষ্টৰ জৰিয়তে ছিকেল চেল এনিমিয়াৰ আগতীয়া ধৰা পেলোৱাৰ বাবে আগবাঢ়ি আহিবলৈ, বিবাহৰ পূৰ্বে জেনেটিক কাউন্সেলিং কৰিবলৈ আৰু জটিলতা ৰোধৰ বাবে আগতীয়াকৈ চিকিৎসাৰ বাবে উপস্থিত থাকিবলৈও উপস্থিত সকলক আহ্বান জনোৱাৰ উপৰিও এইসম্পৰ্কে সকলোকে সজাগ কৰি তুলিবলৈ অনুৰোধ জনায়।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like