নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ ২৫ কিলোমিটাৰজোৰা চাইকেল সমদলত বিপুল জনতা

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত শাসকীয় দল বিজেপিয়ে ইতিমধ্যে বজাইছে ৰণশিঙা। এনে এক ছবিয়ে দেখা গ’ল আজি নগাঁৱত।

পুৱা জনতা ভৱনত সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হয় নগাঁৱলৈ।নগাঁৱত জনপ্ৰিয় ৰাজনীতিক তথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাগ লয় চাইকেল সমদলত।

২৫ কিলোমিটাৰজোৰা এই চাইকেল ৰেলীত মন্ত্ৰীগৰাকীক সংগ দিয়ে সহস্ৰ লোকে। নগাঁৱৰ নেহৰুবালিৰ পৰা দেওঘৰ গাঁও পঞ্চায়তলৈ হোৱা ড০ শৰ্মাৰ চাইকেল সমদলত চামিল হয় প্ৰতিখন গাঁৱৰ জনতা।

পথৰ দুয়োফালে থিয় দি সকলোৱে নেতাগৰাকীক ফুল ছটিয়াই আদৰণি জনায়। জনতাৰ বিপুল আদৰণিত অতিকে মুগ্ধ হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে টুইটযোগে এই ৰেলীত ভাগ ল’বলৈ ওলাই অহা আৰু আদৰণি জনোৱা সকলোকে ধন্যবাদ জনায়।

You might also like