নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘণ্টাত ২৮০ কিঃমিঃ বেগেৰে ঘুৰ্ণি বতাহ ‘বিপৰ্যয়’ : সষ্টম গুজৰাট

বিশেষ বাৰ্তা, ১৩ জুনঃ গুজৰাটৰ দিশে আগবাঢ়িছে ঘূৰ্ণিবতাহ বিপৰ্যয়। ধুমুহা আহিবলৈ এতিয়াও দুদিন বাকী আছে যদিও আৰব সাগৰৰ উপকূলত ইয়াৰ তীব্ৰ ৰূপ দেখা দিবলৈ আৰম্ভ কৰিছে। ধুমুহাৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো দলে ঐক্যবদ্ধভাৱে কাম কৰি আছে। মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই গুজৰাটৰ ভুজ সামৰিক কেন্দ্ৰত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়। ইয়াৰ পূৰ্বে মাণ্ডবিয়াই স্বাস্থ্যমন্ত্ৰী আৰু গুজৰাটৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ধুমুহাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। তেওঁ টুইট কৰি বৈঠক সন্দৰ্ভত তথ্য প্ৰদান কৰে। মাণ্ডবিয়াই কয় যে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে একেলগে ঘূৰ্ণিবতাহৰ সন্মুখীন হ’বলৈ কাম কৰি আছে। দুৰ্যোগ ব্যৱস্থাপনা, ক’ষ্ট গাৰ্ড আৰু এনডিআৰএফৰ দল নিয়োগ কৰা হৈছে যাতে ঘূৰ্ণিবতাহৰ সঠিক মুখামুখি হ’ব পাৰে। কন্দলা বন্দৰত চলি থকা কাৰ্য বন্ধ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, সাগৰৰ পাৰত অৱস্থিত ৭২খন গাঁৱৰ লোক আৰু সামগ্ৰী খালী কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। অঞ্চলটোৰ বিধায়ক আৰু সাংসদসকলৰ সংস্পৰ্শ অহৰহ। এন ডি আৰ এফৰ দুটা দল নিয়োগ কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞানৰ পৰা পোৱা তথ্য অনুসৰি আজি বিয়লি দ্বাৰকাৰ উপকূলৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ দূৰত্বত বিপৰ্যয় ধুমুহাই ঢাপলি মেলিছে। অহা ১৫ জুনত গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কুচ্চৰ মাজেৰে ভয়াৱহ ঘূৰ্ণিবতাহৰ ধুমুহা বিপৰ্যয় পাৰ হোৱাৰ সম্ভাৱনা আছে। কুচ, দ্বাৰকা, পোৰবন্দৰ, জামনগৰ, ৰাজকোট, জুনাগড় আৰু মৰ্বি এই ঘূৰ্ণিবতাহৰ ফলত অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। দ্বাৰকা জিলাৰ ওখা বন্দৰত এনডিআৰএফ আৰু এছডিআৰএফৰ এটাকৈ দল মোতায়েন কৰা হৈছে। প্ৰায় ২৫০জন লোকক অস্থায়ী আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰা হয়। পৰ্যটক আৰু স্থানীয় জনসাধাৰণক উপকূলৰ কাষৰীয়া গোমতি ঘাট, শিৱৰাজপুৰ বিল, বেট দ্বাৰকা আদি ঠাইলৈ যাবলৈ দিয়া নহয়। দ্বাৰকাৰ কাৰ্যবাহী দণ্ডাধীশে এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে।

You might also like