নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰী ঘুৰ্ণি বিপৰ্যয়ৰ বাবে সষ্টম গুজৰাট

বিশেষ বাৰ্তা, ১৫ জুনঃ আৰব সাগৰৰ পৰা গুজৰাটৰ উপকূলৰ দিশে গতি কৰিছে ঘূৰ্ণীবতাহ বিপৰ্যয়। আগন্তুক কেইঘণ্টামানৰ ভিতৰতে স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। ধুমুহাৰ সৰ্বোচ্চ প্ৰভাৱ কুচ্চ আৰু সৌৰাষ্ট্ৰত হ’ব। ছুপাৰ চাইক্ল’নে সন্ধিয়া ৪-৫ বজাৰ ভিতৰত স্থলপথত প্ৰৱেশ কৰিব পাৰে। ৪৬ হাজাৰ লোকক খালী কৰি আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে। এএনআইৰ বাতৰি মতে, ৪৬ হাজাৰ লোকৰ লগতে ২০ হাজাৰৰো অধিক গৰুও নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। সকলো আশ্ৰয় গৃহতে পৰ্যাপ্ত পৰিমাণৰ ৰেচন পোৱা যায়। ৫০টা দলক ৰোড ক্লিয়াৰেন্সৰ বাবে সাজু কৰি ৰখা হৈছে। বৰ্তমান জাখৌ বন্দৰৰ পৰা ১৬৫ কিলোমিটাৰ, দ্বাৰকাৰ পৰা ১৯৫ কিলোমিটাৰ, নলিয়াৰ পৰা ১৯৫ কিলোমিটাৰ, পোৰবন্দৰৰ পৰা ২৭৫ কিলোমিটাৰ, কৰাচী (পাকিস্তান)ৰ পৰা ২৫৫ কিলোমিটাৰ দূৰত্বত বৰ্তমান ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ অৱস্থান। দ্বাৰকা মাণ্ডৱীকে ধৰি উপকূলীয় অঞ্চলত প্ৰচণ্ড বতাহ বলিছে। লগতে প্ৰচণ্ড বৰষুণ দি আছে। সৌৰাষ্ট্ৰ, কুচ্চ আৰু জাখৌ বন্দৰৰ আশে-পাশে ধুমুহাৰ সম্ভাৱনা আছে। উপকূলত খুন্দা মাৰিলে বতাহৰ গতিবেগ ঘণ্টাত ১১৫ কিলোমিটাৰৰ পৰা ১২০ কিলোমিটাৰ হ’ব পাৰে। সাগৰত ২.৫ মিটাৰ উচ্চতালৈকে ঢৌ উঠিব পাৰে। গান্ধীনগৰৰ ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। ভূজ জিলাত উপকূলীয় অঞ্চলৰ পৰা সকলো গাঁও খালী কৰি প্ৰায় ৫০ হাজাৰ লোকক নিৰাপদে আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰা হৈছে। এই পৰ্যন্ত ৰাজ্যত ৯৪ হাজাৰতকৈ অধিক লোকক স্থানান্তৰ কৰা হৈছে। জামনগৰ বিমানবন্দৰৰ সঞ্চালকগৰাকীয়ে জনোৱা মতে, ১৪, ১৫ আৰু ১৬ জুনত বিমানবন্দৰক জাননী জাৰি কৰা হৈছে, সেই অনুসৰি বিয়লি সকলো বাণিজ্যিক বিমানৰ চলাচল বন্ধ কৰি দিয়া হৈছে।

You might also like