নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰং–ওদালগুৰিৰ ৫ সমষ্টিৰ পৰা প্রধানমন্ত্রীৰ সভালৈ যাব ৫০ সহস্রাধিক

মঙলদৈত ড০ শর্মাৰ উপস্থিতিত বিজেপিৰ বৈঠক

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৭ ফেব্রুৱাৰীত ঢ়েকীয়াজুলিত অনুষ্ঠিতব্য সভাক লৈ ব্যাপক প্রস্তুতি চলাইছে বিজেপি দলে৷ নামনি তথা অসমৰ উত্তৰপাৰৰ দৰং, ওদালগুৰি, কামৰূপ, শোণিতপুৰ, বিশ্বনাথ আদি জিলাৰ পৰা অতি কমেও লক্ষাধিক দলীয় কার্যকর্তা, সমর্থক সভাত উপস্থিত থাকিব৷ দলটোৰ এনে ব্যাপক আয়োজনৰ অংশ হিচাপে যোৱানিশা মঙলদৈত উপস্থিত হয় ৰাজ্যৰ শিক্ষা, স্বাস্থ্য, লোকনির্মাণ আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ দৰং আৰু ওদালগুৰি জিলাৰ ৭টা সমষ্টিৰ ভিতৰত ৫টা সমষ্টি ক্রমে মাজবাট, ওদালগুৰি, দলগাঁও, কলাইগাঁও আৰু মঙলদৈৰ পৰাই কমেও ৫০ হাজাৰ লোকসভালৈ নিয়াৰ আলোচনা কৰে৷ ঢ়েকীয়াজুলিৰ নিকটৱর্তী মাজবাটৰ প্রতিটো বুথৰ পৰাই ২০০/৩০০ দলীয় কর্মী, শুভাকাংক্ষীক সভালৈ নিয়াৰো পোষকতা কৰে দলীয় জ্যেষ্ঠ নেতাগৰাকীয়ে৷ আন সমষ্টি ক্রমে পানেৰী আৰু ছিপাঝাৰৰ পৰা কমসংখ্যক হ’লেও নিয়াৰ সিদ্ধান্ত লয়৷

মন্ত্রী ড০ শর্মাই মঙলদৈৰ সাংসদৰ আৱাস চৌহদত অনুষ্ঠিত এই সভাত ওদালগুৰি, কলাইগাঁও, মাজবাট, মঙলদৈ আৰু দলগাঁৱৰ দায়িত্ব মন্ত্রী নৱ দলেৰ হাতত অর্পণ কৰে৷ একেদৰেবৰচলা আৰু ঢ়েকীয়াজুলিৰ দায়িত্বত সাংসদ পল্লৱলোচন দাস, তেজপুৰত মন্ত্রী পীয়ূষ হাজৰিকা, বিশ্বনাথ চাৰিআলিৰ দায়িত্ব বিধায়ক পদ্ম হাজৰিকা থাকিব বুলি প্রকাশ কৰে৷ ইয়াত বাদেও মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসসহ বিটিআৰৰ নৱনির্বাচিত বিজেপি আৰু ইউপিপিএলৰ পাৰিষদসকলেও মন্ত্রী, বিধায়কৰ দলটোক সহযোগ কৰিব৷ সভাখনত মন্ত্রী নৱ দলে, মন্ত্রী পীয়ূষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী, শান্তিয়াজ কুজুৰ, বিধায়ক গুৰুজ্যোতি দাস, মাজবাটৰ জিতু কিষাণসহ দৰং, ওদালগুৰিৰ দুই গৰাকী সভাপতিৰ উপৰি তিনি শতাধিক দলীয় নেতা–কর্মীয়ে ভাগ লয়৷ মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই আঁতধৰা সভাত সময়ৰ প্রতি লক্ষ্য ৰাখি কেৱল দিলীপ শইকীয়া আৰু মন্ত্রী ড০ শর্মাইহে ভাষণ দিয়ে৷ তাৎপর্যপূর্ণ যে দলীয় নেতা–কর্মীসকল ড০ শর্মা আহি পোৱাৰ লগে লগে ভাৰত মাতাৰ প্রতিচ্ছবিত বন্তি জ্বলোৱালৈ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, আকৌ এবাৰ মোদী চৰকাৰ আদি ধ্বনিৰে পৰিৱেশ মুখৰ কৰি তোলে৷

You might also like