আন্দোলন নকৰাকৈ অসমে এতিয়া পাইছে কেন্দ্রৰ পৰা সুবিধা
বৰপেটাত নৱ ৰূপত স্বয়ম আঁচনি উদ্বোধন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ অচিৰেই অসমত নতুনকৈ ২৭খন আই টি আই মুকলি কৰা হ’ব– আজি বৰপেটাত এই কথা সদৰী কৰে উদ্যোগ, বাণিজ্য, পৰিবহণ আৰু দক্ষতা বিকাশৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ বৰপেটা জিলা প্রশাসনৰ উদ্যোগত আজি বৰপেটাত নৱ ৰূপত স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্রী পাটোৱাৰীয়ে লাহোৱাল আৰু দুলীয়াজানৰ আই টি আই দুখনক চেণ্টাৰ অৱ এক্সিলেণ্ট হিচাপে গঢ়ি তোলা হ’ব বুলিও জানিবলৈ দিয়ে৷ বৰপেটা চহৰৰ ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মন্ত্রীগৰাকীয়ে কয় যে ক্ষুদ্র ক্ষুদ্র উদ্যোগ স্থাপনৰ জৰিয়তে আমাৰ যুবক–যুৱতীসকল স্বাৱলম্বী হ’ব লাগিব আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ ব্যৱস্থা গ্রহণ কৰিব৷ ভাষণত তেওঁ কয়– অসমে এতিয়া আন্দোলন নকৰাকৈয়ে কেন্দ্রৰ পৰা বিচৰা মতে সা–সুবিধা পোৱাৰ পৰিৱেশ আৰম্ভ হৈছে৷ এই চৰকাৰে ভৱিষ্যৎ প্রজন্মৰ বাবে সকলোধৰণৰ আন্তঃগাঁথনিৰ কাম কৰিছে৷ তিনি লাখ ল’ৰা–ছোৱালীক স্কীল ডেভেলপমেণ্টৰ জৰিয়তে নিযুক্তি দিয়া হৈছে৷ স্কীল আৰু দক্ষ হ’লেহে আমি বর্তি থাকিব পাৰিম৷
ইপিনে নৱ ৰূপত স্বয়ম আঁচনিৰ জৰিয়তে বৰপেটা জিলাৰ ৬ হাজাৰ ৭৪গৰাকী হিতাধিকাৰীয়ে সুফল লাভ কৰিব বুলি মন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে৷ আগন্তুক দিনত উদ্যোগ আৰু বাণিজ্যৰ জৰিয়তে অসমক পাঁচখন ধনী ৰাজ্যৰ ভিতৰত এখন কৰাৰ চেষ্টা কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ ভাষণত তেওঁ অসমৰ যুৱক–যুৱতীসকলক্ কর্মৰ মাধ্যমেৰে নিজৰ লগতে দেশৰ অর্থনীতি শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়৷ ইয়াৰ পূর্বে সংসদী পৰিক্রমা আৰু দক্ষতা বিকাশ বিভাগৰো দায়িত্বত থকা মন্ত্রীগৰাকীয়ে বৰপেটা জিলাৰ নির্বাচিত হিতাধিকাৰী আত্মসহায়ক গোটৰ মাজত প্রতীকী চেক বিতৰণ কৰে৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসেও ভাষণ দিয়ে৷ ভাষণত তেওঁ কয়– আত্মনির্ভৰ অসম গঢ়াৰ ক্ষেত্রত স্বয়ম আঁচনিয়ে সহায় কৰিব বুলি মই আশা কৰোঁ৷ উদ্বোধনী সভাত এ পি ডি চি এলৰ সঞ্চালক শংকৰ চন্দ্র দাস, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকাৰ, অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, বৰপেটা জিলা বিজেপিৰ সাধাৰণ সম্পাদক নৱ কুমাৰ দাস উপস্থিত থাকে৷ এই সভাতে বৰপেটা জিলাৰ ভাৰপ্রাপ্ত পৰিবহণ বিষয়া হিমাংশু দাসৰ উদ্যোগত বিভাগটোৰ তৰফৰ পৰা চলিত পথ সুৰক্ষা মাহ উপলক্ষে ৭ বছৰ পূর্বে দুর্ঘটনাত গুৰুতৰভাৱে আহত হৈ শয্যাশায়ী হৈ থকা পাঠশালাৰ মুনমুন দাস নামৰ যুৱতীগৰাকীৰ বাবে এখন হুইল চেয়াৰ আৰু এখন ৱাটাৰ মেড্রেছ তেওঁৰ দেউতাকৰ হাতত পৰিবহণ মন্ত্রীয়ে অর্পণ কৰে৷ পৰিবহণ বিভাগৰ তৰফৰ পৰা অভ্যাগতসকলক পথ সুৰক্ষা স্মাৰকো প্রদান কৰা হয়৷