নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত বিকাশৰ বাবে এদিন কাৰ্যসূচীত অভিলাষী আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ

✅দৰঙত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাশ কোটি টকাৰ ভিন্ন আঁচনি।

✅দৰঙত মেডিকেল কলেজ নিৰ্মাণৰ বাবে সাংসদক হেডমাষ্টৰৰ ভূমিকা লবলৈ আহ্বান।

✅ৰাজ্যবাসীৰ বাবে ৩ সু-সংবাদ সদৰী কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ষ্টাফ ৰিপৰ্টাৰ, ৫ জুনঃ দৰঙত বিকাশৰ এদিন কাৰ্যসূচীৰে আজি মঙলদৈত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃহিমন্তবিশ্ব শৰ্মাই দৰঙত কেবাশ কোটি টকাৰ প্ৰকল্প মুকলি তথা আধাৰশিলা সমাপন কৰে। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰে যুটীয়াভাৱে ভাৰ্চুৱেলী ভাগলোৱা আধাৰশিলা স্থাপন পৰ্বত মঙলদৈ চহৰৰ ৫৩৫ কোটি টকীয়া ১৫ কিমি দৈৰ্ঘৰ ফ’ৰলেনযুক্ত বাইপাচ আঁচনি আছিল প্ৰধান। মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ বাবে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ প্ৰচেষ্টা আদৰণি জনাই কয়, দিলীপ শইকীয়াই ভিটামিন পালে আমিও শক্তিৱান হওঁ।” মঙলদৈ চহৰৰ বাইপাচৰ আধাৰশিলা স্থাপনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ছিপাঝাৰৰ ১০ কোটি টকীয়া ক্ৰীড়া প্ৰকল্প, মঙলদৈ ষ্টেডিয়ামৰ ৫.৮৪ কোটি টকীয়া ফ্লাড লাইট আৰু পেভিলিয়ন নিৰ্মান, ৪ কোটি টকীয়া ঢলপুৰ শিৱমন্দিৰ নিৰ্মান, ৫০ লাখ টকাৰে ধূলা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰশাসনিক ভৱন, ৫.৫০ কোটি টকীয়া মঙলদৈ ভূটীয়াচাং পথৰ ৫ কিলোমিটাৰ পুনৰ মেৰামতি, ৭.৮৭ কোটি টকীয়া মঙলদৈৰ মেনাপাৰাৰ পৰা মুদৈবড়ি হৈ ভকতপাৰা সংযোগী ৮.৮৮ কিলোমিটাৰ দৈৰ্ঘৰ পকী পথ। এই সমূহ আঁচনি সম্পূৰ্ণ হোৱাৰ বিপৰীতে প্ৰায় ৬০ শতাংশ কাম সম্পূৰ্ণ হোৱা আঁচনি ক্ৰমে ২০৪.৫০ কোটি টকাৰে অসম মালা আঁচনিৰ যোগেদি দৰঙৰ দলগাঁৱৰ পৰা শোনিতপুৰ জিলাৰ ধোপগুৰিলৈ ১৯ কিমি দুশৰীয়া পকীপথ নিৰ্মান, ২৮৩ কোটি টকাৰে দৰঙৰ ছিপাঝাৰৰ পৰা ওডালগুৰি জিলা টংলা কুকুৰাকাটালৈ প্ৰায় ৩১.৫০ কিমি দুশৰীয়া পথ নিৰ্মান ৰাজ্য চৰকাৰৰ ধনেৰেই নিৰ্মান চলিছে। ৫.৪ কোটি টকীয়া মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ আচনিৰ অন্তৰ্গত মঙলদৈৰ ৫.৫ কিলোমিটাৰ পকীপথ নিৰ্মান ও মেৰামতি, ২৫.২৩ কোটি টকীয়া দৰঙৰ ৪ টা বিধানসভা সমষ্টিৰ ১৫ টা পথৰ ৩৩.৮৬ কিমি দৈৰ্ঘৰ পথ, মুখ্যমন্ত্ৰীৰ পকীপথ নৱীকৰণ আচনিৰ যোগেদি ৫.২৬ কোটি টকাৰে ৫ টা পথৰ ২৯  কিমি পথ মেৰামতি, মথাউৰিক পথ হিচাবে ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নতুন আঁচনি অনুসৰি দৰঙৰ নোৱানদীৰ বাওঁ দিশৰ মথাউৰি আৰু কুৰুৱাৰ  ৰিং বান্ধৰ ৪.৪ কিমি পথ ৬.৩০ কোটি টকাৰে পকীকৰণ আঁচনি। মথাউৰিক পথ হিচাবে ব্যৱহাৰৰ বাবে গ্ৰহণ কৰা নতুন আচনি অনুযায়ী এই নিৰ্মান সম্পন্ন হব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বিকাশৰ বাবে এদিন শীৰ্ষক কাৰ্যসূচীত এই বিষয় সমূহ উত্থাপন কৰি ৰাজ্যত বিকাশৰ অনিৰুদ্ধ গতি অব্যাহত ৰখাৰ পোষকতা কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে কয় যে  “দীৰ্ঘদিনে মোৰ মনত এক হেপাহ আছিল দৰঙত এখন মেডিকেল কলেজ নিৰ্মানৰ। কিন্তু, দৰঙৰ ৪ বিধায়কে আজি থিৰাং কৰিব পৰা নাই কোন উমৈহতীয়া স্থানত নিৰ্মান কৰা হব। গতিকে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াক মই অনুৰোধ কৰিছো, শইকীয়া হেডমাষ্টৰ হৈ লওক আৰু ৪ বিধায়কক বহুৱাই লৈ এক উমেহতীয়া স্থান নিৰ্ধাৰন কৰক যাতে শীঘ্ৰে মেডিকেল কলেজ এখন কৰিব পাৰো।”— মঙলদৈৰ মঞ্চত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই এইদৰে কয়। ডঃ শৰ্মাই মঙলদৈ কলেজ ফিল্ডত অনুস্থিত বিশাল সভাত দীঘলীয়া ভাষণত দৰং জিলা গঠনৰ ১৮৩৩ চনৰ পৰা আজিৰ দিনটোলৈ থাউকতে ইতিহাস ব্যাখ্যা কৰে। ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক দিশৰ পৰা কোচ ৰজা, ভূঞা ৰজা আদিৰ ইতিহাসো ডাঙি ধৰে। এই সভাতে বিকাশৰ যাত্ৰাক দৰঙৰ ৰাইজে ভাল পায় আৰু সেই বাবেই দৰঙী ৰাইজ আজি ইমান গৰমৰ মাজতো ভাষণ শুনিব ওলাই আহিছে বুলি উল্লেখ কৰে ডঃশৰ্মাই। তেওঁ কিছুদিন পূৰ্বে মঙলদৈত আহি স্কীল ইউনিভাৰচিটীৰ আধাৰশিলা স্হাপন কৰাকলৈ একাংশই বিশ্বাস কৰিছিল আৰু আন একাংশই বিশ্বাস কৰা নাছিল বুলি মন্তব্য কৰি কয় যে, আজি দিনে ৰাতি স্কীল ইউনিভাৰচিটীৰ কাম চলি আছে। গতিকে বিজেপি চৰকাৰে কৰিম বুলিলে কৰিহে পেলায় বুলি মত পোষণ কৰে। আনহাতে মঙলদৈ কলেজ ফিল্ডত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত আজি মুখ্যমন্ত্ৰী ডঃ  শৰ্মাই ৰাজ্যবাসীক নতুনকৈ সংযোজন কৰিবলগা ৩ আঁচনিৰ সু-সংবাদ ব্যক্ত কৰে। আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে ৰূপায়ন কৰিবলগীয়া এই ৩ আঁচনিৰ ভিতৰত পোনতে তেওঁ নিৱনুৱা সকলৰ বাবে ভাল খবৰ দি কয়, “ৰাজ্যৰ ১ লাখ নিৱনুৱাক আমি এটা ফুটাকড়ি খৰচ নকৰাকৈ চাকৰি দিলো। কিন্তু, মই পূৰ্বেই কৈছিলো, ১ লাখক চাকৰি দিম আৰু ২ লাখ যুৱকক কৰ্মসংস্হান দিম। বেংকৰ কোনো সুত, মৰ্টগেজ নোহোৱাকৈ আমি ২ লাখ নিৱনুৱাক ২ লাখকৈ টকা দিম যাতে স্বনিয়োজনৰ সুবিধা কৰিব পাৰে। পূৰ্বৰ স্বয়মৰ দৰে নহয়,  এইবাৰ ৰাজনৈতিক প্ৰভাৱমুক্ত হ’ব এই সুবিধা।” আনহাতে মুখ্যমন্ত্ৰীৰ দ্বিতীয় ঘোষণা অনুসৰি, আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যৰ পুনৰ ১০ লাথ মহিলাই পাব অৰুণোদয় আচনি। ইতিমধ্যে ২৭ লাখ মহিলাই এই সুবিধা পাইছে যদিও পুনৰ ১০ লাখ মহিলাক নতুনকৈ সংযোজিত কৰিব চৰকাৰে। একেদৰে, পূৰ্বৰ তুলনাত এইবাৰ বৰ্ধিতৰূপত ১৪০০ টকাকৈ অৰুণোদয় লাভ কৰিব মহিলা সকলে। আত্মসহায়ক গোটৰ মহিলা সকলেও ব্যক্তিগতভাৱে ব্যৱসায়ৰ বাবদ অতিৰিক্তভাৱে ১০ হেজাৰকৈ লাভ কৰিব বুলিও কয়। আনহাতে মুখ্যমন্ত্ৰীয়ে তৃতীয়টো ভাল খবৰ অনুসৰি, ৰাজ্যৰ ৪ লাখ টকালৈ বাৰ্ষিক আয় কৰা পৰিয়ালেও ৰেচনকাৰ্ড লাভ কৰিব আৰু একেদিনাই ৪০ লাখ পৰিয়ালক ৰেচনকাৰ্ড আগবঢ়াব ৰাজ্যৰ বিজেপি চৰকাৰে। পূৰ্বে বছৰি ২.৫০ লাখ টকা আয়ৰ তলৰ পৰিয়াললৈহে এই আচনিৰ সুবিধা আছিল। কিন্তু, এইবাৰ ৪ লাখ টকাৰ সীমালৈ আগুৱাই নিব চৰকাৰে। ৰেচনকাৰ্ডৰ পৰিয়ালে ৫ লাখ টকীয়া আয়ুস্মান কাৰ্ডৰ লগতে মাহিলী প্ৰতি সদস্যই দুবাৰকৈ ৫ কিলোকৈ চাউল লাভ কৰি আহিছে। এই ৩ আঁচনিৰ যোগেদি ৰাজ্যবাসীয়ে সকাহ লাভ কৰিব বুলি মন্তব্য কৰে ডঃশৰ্মাই।

প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা

You might also like