নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ কাকৈজানাত ৭ আগষ্টৰ পৰা সন্ধানহীন বোৱাৰী

🔹 স্বামী কৰ্মৰত বেংগালুৰুত, ওৰে দিনটো মোবাইলত ৰীলছ বনোৱাত ব্যস্ত পত্নী

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : কাকৈজানাৰ জৈলেন মেধি শ্ৰমিক হিচাপে কাম কৰে বেংগালুৰুত ৷ তেওঁৰ পত্নী ৰীতা ৰায় থাকে কাকৈজানাৰ ঘৰত ৷ তেওঁলোকৰ সাত বছৰীয়া কন্যা সন্তান এটিও আছে৷ পৰিয়ালৰ লোকৰ অভিযোগ মতে ৰীতা দিনে-নিশাই ব্যস্ত থাকে মোবাইলত ৷ ৰীতাই বনায় ৰীলছ ৷ নিশা ব্যস্ত থাকে ফোনত ৷ এই লৈ ঘৰুৱা অশান্তি ৷ কেইদিনমান পূৰ্বে জৈলেন ঘৰত আহে আৰু এই লৈ কাজিয়াৰ সৃষ্টি হয় ৷ কাজিয়াৰ অজুহাতত ৰীতা ওলাই যায় ঘৰৰ পৰা ৷ যোৱা ৭ আগষ্টত ঘৰৰ পৰা ওলাই যোৱা ৰীতাৰ অদ্যাপি সন্ধান পোৱা নাই ৷ জিলাখনৰ উত্তৰ শালমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীও সন্ধান উলিয়াব পৰা নাই ৰীতাৰ। সম্প্ৰতি সাত বছৰীয়া কন্যা সন্তানক লৈ বিপাঙত পৰিছে জৈলেনৰ পৰিয়ালটো ৷ পৰিয়ালৰ লোকে ৰীতাক পুনৰ ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে শেহতীয়াকৈ বঙাইগাঁৱত ম’বাইল, ফেচবুক, ৰীল, ইনষ্টাগ্ৰামৰ গ্ৰাসত পৰি কেইবাগৰাকী বোৱাৰী সন্ধানহীনৰ ঘটনা সংঘটিত হৈছে ৷ এনে ঘটনাই স্বাভাৱিতে চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱত ৷

প্ৰেৰক উপানন্দ শৰ্মা

You might also like