নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : ধুবুৰীৰ বিলাসীপাৰাৰ কণমানি কন্যা সন্তানসহ এগৰাকী বোৱাৰী কালি বিয়লিৰে পৰা নিৰুদ্দেশ হৈ পৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, বিলাসীপাৰা থানাৰ অন্তৰ্গত সূৰ্য্যাখাতা-নাথপাৰাৰ বাসিন্দা অলোক নাথৰ পত্নী ডালিমী দেৱী (২৮)য়ে নিজ কন্যা সন্তান ধৃতি নাথ (৪)ক লৈ কালি আবেলি ৪ মান বজাত পাৰ্লাৰত যোৱা বুলি ঘৰৰ পৰা ওলাই যায়।বহু সময় ধৰি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে সাম্ভাব্য এলেকাসমুহত বিচাৰে যদিও কোনো সন্ধান নাপায়। এনেকি লগত থকা মোৱাইল ফোনটোও বন্ধ পোৱাত এক অজানা শংকাত ভুগি পৰিয়ালটিৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। আজি বোৱাৰীগৰাকীৰ স্বামীয়ে বিলাসীপাৰাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। তাৰোপৰি কোনো সদাশয় লোকে বোৱাৰীগৰাকীৰ লগতে কণমানিজনীৰ সম্ভেদ পালে ৯৯৫৭২৮৬১৮১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতঁৰ অনুৰোধ জনায়।
প্ৰেৰক সমৰেশ শীল শৰ্মা