নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেঙাখাতৰ বোৱাৰী পৰী গগৈ সন্ধানহীন

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ টেঙাখাত থানাৰ অন্তৰ্গত মাটিয়েখানা গাঁৱৰ লোহিত গগৈৰ পত্নী পৰী গগৈ যোৱা ২৪ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ থকাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ তিনিটা সন্তানৰ মাতৃ পৰী গগৈ তিনিচুকীয়ালৈ বুলি যোৱা ২৪ নৱেম্বৰৰ দিনৰ প্ৰায় ১২.৩০ বজাত ঘৰৰ পৰা ওলাই যোৱাৰ দিন ধৰি সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ কৰি মহিলাগৰাকীৰ সন্ধান উলিয়াব পৰা নাই ৷ ইতিমধ্যে পৰিয়ালৰ লোকে এই বিষয়ে সবিশেষ জনাই টেঙাখাত থানাত এজেহাৰ দাখিল কৰিছে ৷ কোনো সদাশয় লোকে সন্ধান পালে ৭৩৯৯২০১২৪৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷

প্ৰেৰক দীপক গগৈ

You might also like