নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহপাশত আবদ্ধ ভাৰতীয় বেগী বলাৰ মুকেশ

বিশেষ বাৰ্তা, ২৯ নৱেম্বৰঃ ক্ৰিকেট খেলপথাৰৰ সিপাৰে মুকেশ কুমাৰে নিজৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ ইনিংছ আৰম্ভ কৰিলে। আচলতে ভাৰতীয় পেচাৰগৰাকীয়ে বিবাহৰ পাতনি মেলিছে। মুকেশে গোৰখপুৰত দিব্য সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইফালে, বেগী বলাৰগৰাকীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত তেওঁ পত্নীৰ সৈতে নাচিছিল, ভিডিঅ’টো বিয়াৰ আগতে অনুষ্ঠিত হোৱা হালদী অনুষ্ঠানৰ। ভিডিঅ’টোত মুকেশ কুমাৰ আৰু তেওঁৰ পত্নী দিব্য সিঙে সুখত অতি মৰমলগাকৈ নাচি থকা দেখা গৈছে। বিয়াৰ আগতে এই বছৰ মুকেশ কুমাৰ আৰু দিব্য সিঙৰ বাগ্দান হৈছিল। হালদী অনুষ্ঠানৰ ভিডিঅ’ৰ কথা কওঁতে মুকেশ আৰু দিব্যক ‘ললিপপ লাগে লু’ গীতটোত নৃত্য কৰা দেখা গৈছে। এই সময়ছোৱাত ভিডিঅ’টোত দেখা গ’ল অতি আনন্দৰ পৰিৱেশ। ভিডিঅ’টোত তেওঁৰ পৰিয়ালৰ লোককো দেখা গৈছে। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাত মুকেশ ভাৰতীয় দললৈ নিৰ্বাচিত হয় । গুৱাহাটীত খেলা তৃতীয়খন খেলৰ পৰা বিচিচিআইৰ পৰা ছুটী লৈছিল কেৱল বিয়াৰ বাবে। অৱশ্যে ১ ডিচেম্বৰ শুকুৰবাৰে ৰায়পুৰত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থখন খেলৰ পৰা ভাৰতীয় দলত যোগদান কৰিব। মুকেশৰ অনুপস্থিতিত দীপৰ চহৰক দলত অন্তৰ্ভুক্ত কৰা হয়। এতিয়া দীপক গোটেই ছিৰিজৰ বাবে দলৰ অংশ হ’ব। ২০২৩ চনত আন্তঃৰাষ্ট্ৰীয় আৰু আই পি এলত অভিষেক ঘটিছে মুকেশ কুমাৰৰ। ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ জৰিয়তে তিনিওটা ফৰ্মেটতে প্ৰৱেশ কৰে তেওঁ। এতিয়ালৈকে তেওঁ এখন টেষ্ট, ৩খন এদিনীয়া আৰু ৭খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। চলিত বৰ্ষত খেলা ২০২৩ চনৰ আই পি এলৰ জৰিয়তে তেওঁ এই প্ৰতিযোগিতাত অভিষেক ঘটায়। ২০২৩ চনৰ মিনি নিলামত দিল্লী কেপিটেলছৰ ফ্ৰেঞ্চাইজিয়ে তেওঁক ৫.৫০ কোটি টকাত ক্ৰয় কৰিছিল। তেওঁ এতিয়া আই পি এলৰ ১০খন খেল খেলিছে।

#বাৰ্তা ডেস্ক

You might also like