বিশেষ বাৰ্তা, ১৮ মে’ : নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক পথ দুৰ্ঘটনাৰ ঘটনাৰ সঘনে সলনি হৈছে দৃশ্যপট। সমগ্ৰ ঘটনাৰ এতিয়াও স্পষ্ট হোৱা নাই যদিও জোনমণিৰ এই ঘটনাই লখিমপুৰ আৰু নগাঁও আৰক্ষীৰ মাজত হাহাকাৰ লগাইছে। কিয়নো জোনমণি ৰাভাৰ এই ৰহস্যজনক পথ দূৰ্ঘটনাৰ শিপাডালে লখিমপুৰ আৰক্ষীকো বিপাঙত পেলাইছে। ইয়াৰ মাজতে আজি ভাইৰেল হৈ পৰা এক ফোনকল ৰেকৰ্ডিঙে ধুমুহাৰ সৃষ্টি কৰিছে নগাঁও আৰক্ষীৰ অভ্যন্তৰত। আনকি চিআইডিৰ তদন্তকাৰী দলটোকো বিভ্ৰান্ত কৰি তুলিছে বুলি জানিব পৰা গৈছে। ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙটোত নগাঁও আৰক্ষীৰ এগৰাকী কনিষ্টবল আৰু সংবাদ মাধ্যমৰ এজন সংবাদকৰ্মীৰ মাজত হোৱা এই কথোপকথনে ঘটনাক অন্য দিশে লৈ যোৱা পৰিলক্ষিত হৈছে। ভাইৰেল হৈ পৰা ফ’ন কল ৰেকৰ্ডিঙত জোনমণি ৰাভাক হত্যা কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগৰ লগতে জোনমণি ৰাভাৰ মৃত্যুৰ পাছত নগাঁও আৰক্ষীয়ে তেওঁৰ চৰকাৰী বাসভৱনত তালাচী চলোৱা বুলিও বিস্ফোৰক অভিযোগ আনিছে। তাৰোপৰি এই কল ৰেকৰ্ডিঙত সেইদিনা জোনমণি ৰাভাৰ লগত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা একেলগে ওলাই গৈছিল বুলি উল্লেখ কৰাৰ লগতে সন্ধিয়া আৰক্ষী অধীক্ষক লীনা দলেৰ বাসভৱনত জিলাখনৰ শীৰ্ষ আৰক্ষীৰ এক বৈঠক অনুষ্ঠিত হোৱা বুলিও প্ৰকাশ কৰিছে। আনকি সেইদিনা নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক অস্থিৰ দেখা পোৱা বুলি ফ’ন কলত তেওঁ উল্লেখ কৰি আৰক্ষী কনিষ্টবল গৰাকীয়ে সেইদিনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগত নগাঁও চহৰত নিশা জোনমণি ৰাভাৰ গাড়ীৰ সন্ধান চলোৱা বুলিও সদৰী কৰিছে। আজি ভাইৰেল হৈ পৰা এই ফ’ন কলক লৈও স্বাভাবিকতে জোনমণি ৰাভাৰ এই ঘটনাই নাটকীয় মোৰ লৈছে। ইয়াৰ মাজতে এজন প্ৰত্যক্ষদৰ্শীয়ে সেইদিনা নিশা পথ দুৰ্ঘটনাৰ কথা বৰ্ণনা দি বিস্ফোৰক স্বীকাৰোক্তি দি নিশাৰে পৰা সন্ধানহীন হোৱাৰ পাছত আজি গুৱাহাটীৰ এটা চেটেলাইট টেলিভিছন চেনেলত সাক্ষাৎকাৰ দিয়াৰ পাছতে অসম আৰক্ষীৰ চিআইডিৰ এটা দলে দূৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী প্ৰনৱ দাসক আটক কৰি চিআইডিৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ ঘটনাই সমগ্ৰ ঘটনাক অধিক ৰহস্যঘন কৰি তুলিছে। সমগ্ৰ ঘটনাৰ তদন্তত নিজকে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱক জনৰ ভাষ্যই বিশেষ গুৰুত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। আনহাতে, কালি নিশাৰে পৰা নগাঁও আৰক্ষীৰ অতিথিশালাত বাহৰ পাতি থকা চিআইডিৰ তদন্তকাৰী দলটোৱে আজি নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক সোধপোছ কৰে। আনহাতে, আজি ভাইৰেল হোৱা অডিঅ’ ক্লিপিঙটোত আৰক্ষী বিষয়া মনোজ কুমাৰ ৰাজবংশীৰ নাম সাঙুৰ খাই পৰাত আজি সন্ধিয়াৰ ভাগত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজবংশীকো ঘটনা সংক্ৰান্তত চিআইডিৰ তদন্তকাৰী দলটোৱে সোধাপোছা কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মৰিকলং আৰক্ষী চকীতো চি আই ডি দলটোৱে দলটোৱে তদন্ত চলাইছিল। তদন্তকাৰী চি আই ডি দলটোৱে মৰিকলং আৰক্ষী চকীৰ আটাইকেইজন আৰক্ষীকে আজি সোধপোচ কৰে। আনহাতে, জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনা সন্দৰ্ভত চি আই ডিৰ তদন্তৰ মাজতে আজি নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে নগাঁও আৰক্ষীত এক বৃহৎ ৰদবদল কৰিছে। এনে পৰিস্থিতিৰ মাজতে অধীক্ষক লীনা দলেয়ে আজি জিলাখনৰ ১৪৮গৰাকী কনিষ্টবল পৰ্যায়ৰ আৰক্ষীক ৰদ-বদল কৰে। এই ঘটনাই সমগ্ৰ জিলাখনৰ আৰক্ষী মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত অডিঅ’ ভাইৰেল
নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আজি ভাইৰেল হৈ পৰা এটা অডিঅ’ ৰেকৰ্ডিঙে বহু চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্য জুৰি। গা শিয়ৰি উঠা কথোপকথনৰ ভাইৰেল হৈ পৰা অডিঅ’ ৰেকৰ্ডিঙত আছে জোনমণি ৰাভাৰ দুৰ্ঘটনা আৰু সেই নিশা ঘটা কাহিনীৰ সমগ্ৰ বিৱৰণী। এগৰাকী আৰক্ষীয়ে এজন সংবাদ কৰ্মীৰ আগত বৰ্ণনা কৰিলে সেই গোপন কাহিনী। অডিঅ’ ক্লিপিঙটোত থকা বিৱৰণ এনেধৰণৰ- ‘জোনমণি মৰাৰ আগত নগাঁৱত তিনিপাকমান ঘুৰিছে। তাইৰ গাড়ীত কোন আছিল? …OC, ASP ইহঁতে SPৰ লগত কি আলোচনা কৰিছে? তাৰ আধাঘণ্টা মানৰ পাছত অ’চি আহি থানাত চটৰ-পটৰ কৰি ঘুৰি ফুৰিছিল। ইফালে গৈছে-সিফালে গৈছে। নিতুল বৰা নামৰ এজনক লৈ অ’চি ওলাই গৈছিল।….”
অডিঅ’ ৰেকৰ্ডিংটোত আৰক্ষীৰ লোক জনে সাংবাদিক জনক কৈছে,” তাইক কোনোবাই মাৰি আছে। ৰডেৰে ,পুলিচে নহয়, বেলেগ মানুহ। নগাঁও টাউনৰ ভিতৰতে মাৰিছে। তাইক ৰাতি ১২ মান বজাত মাৰিছে। তাইক বিচাৰি ফুৰিছিলো আমি। নিশা ১২.১৫ মানত জোনমণিক ৰিজাৰ্ভ ক্ল’জৰ এটা অৰ্ডাৰ আহিছে। ২.১৫ মানত থানালৈ খবৰ আহিছে তাইৰ স্পট ডেড হৈছে। তাৰ পাছত এছ পি, অচিএ জোনমণি ৰাভাৰ কোৱাৰ্টাৰত তালাচী চলাইছে। মৰাৰ পাছত তালাচী চলাইছে।” ভাইৰেল অডিঅ’ কলটোত আৰক্ষী লোকজনৰ ভাষ্য, “প্ৰত্যক্ষদৰ্শীয়ে কৈছে– গাড়ীখন ৰখোৱা ১০ মিনিটমান পাছত খুন্দা মাৰিছে। গাড়ীখনত দুটা মানুহ আছিল। মানুহ দুটা পাব্লিক নে পুলিচ ক’ব নোৱাৰোঁ। জোনমণি মৰাৰ সময়ত ৰাভা তাইৰ লগত আছিল। এই কথাটোৰ সত্য – শুদ্ধ ওলাব লাগে। জোনমণি যথেষ্ট সাহসী ,ভাল ছোৱালী আছিল।…ৰাভাৰ লগত ওলাই গৈছিল জোনমণি। জোনমণিৰ গাড়ীখন ৰখাই থোৱা আছিল। ইফালৰ পৰা আহি ট্ৰাকখনে খুন্দা মাৰিছিল। জোনমণিয়ে এপাত জোতা পিন্ধি আছিল। আৰু এপাত জোতা পিছফালৰ ছিটত আছিল। তাইক হয়তো ৰেপ কৰিছে চাগে। জোনমণিৰ গাড়ীৰ পৰা দুজন মানুহ নামি গৈছিল। জোনমণি ঘৰৰ পৰা ওলাই যোৱা সময়ত হয়বৰগাঁও আউটপোষ্টৰ আই চি আভা জ্যোতি ৰাভা আছিল। মাকক সুধিলেও ক’ব। তাই মৰাৰ আগত অচি, এডিচনেল এছপিয়ে এছপিৰ সৈতে কি কথা পাতিছিল। তাই গাড়ীখন তিনিপাকমান মাৰিছে নগাঁৱত। নগাঁৱত আৰু সম্ভৱত গাড়ীখন চলাইছিল হয়বৰগাঁৱৰ আইচিয়ে। পাছতে গাড়ীখন কলিয়াবৰ অভিমুখে গৈছিল। জোনমণি ৰাভাৰ মৃত্যুত আৰক্ষী জড়িত হৈ আছে। ইয়াৰ তদন্ত চিআইডি ক দিব নালাগিছিল। চিআইডিতটো পুলিচৰ মানুহেই থাকে। চিবিআইক দিব লাগিছিল কেচটো। তই এইখিনি ভালকৈ বনাই Media ত দি দে। তাই সুখ পাওঁক।” তাৎপৰ্যপূৰ্ণ কথা যে- এই কথোকথনৰ সত্যাসত্য বৰ্তমানলৈকে নিৰূপন কৰা হোৱা নাই। সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আনিব পাৰিব নে চিআইডি য়ে? নে জোনমণিৰ লগতে গুচি যাব বহুতো আধৰুৱা প্ৰশ্নৰো উত্তৰ।
জোনমণি ৰাভাই চিলাবলৈ দিয়া অন্তিমযোৰ খাকী পোছাক দৰ্জীৰ দোকানতেই থাকিল
নগাঁৱৰ এল বি টেইলৰৰ স্বতাধিকাৰীয়ে আবেগিক হৈ ক’লে সেই কথা
এছ আই জোনমণি ৰাভা চিনাকি আছিল নগাঁওবাসীৰ মাজত। মাৰ্জিত আচাৰ- ব্যৱহাৰ আৰু বন্ধুত্বসূলভ স্বভাৱৰ বাবেই জনপ্ৰিয়তাও অৰ্জন কৰিছিল কম দিনৰ ভিতৰতেই। সাজপাৰ পৰিধান কৰাৰ ক্ষেত্ৰত চৌখিন আছিল আৰক্ষী বিষয়া গৰাকী। প্ৰায়েই দেখা গৈছিল নতুন কাপোৰ পৰিধান কৰি থকা। তেওঁ নিজা ইউনিফৰ্মো চিলাই লৈছিল নগাঁও চহৰৰ ঢাকাইপট্টিৰ এল বি টেইলৰিং নামৰ এখন দোকানত। মৃত্যুৰ দিনচেৰেক পূৰ্বে এই টেইলৰ শ্বপখনতেই জোনমণি ৰাভাই চিলাবলৈ দিছিল এযোৰ নতুন খাকী পোচাক। নিয়াৰ কথাও আছিল দুই-এদিনতে। চিলাই কৰিও হ’ল কাপোৰ যোৰ । কিন্তু সেইযোৰ সাজ নিবলৈ আৰু কোনোদিনে নাহে জোনমণি ৰাভা । ভয়াবহ দুৰ্ঘটনাই মচি পেলালে জোনমণি ৰাভা নামৰ সাহসী সত্তাটোক। যি কথা সংবাদ মাধ্যমৰ আগত কৈ আবেগিক হৈ পৰিল নগাঁও চহৰৰ টেইলৰ শ্বপখনৰ স্বতাধিকাৰী।
প্ৰেৰক কনক হাজৰিকা