বিশেষ বাৰ্তা, ১৮ আগষ্ট: যোৱা ৮ আগষ্টত নাহৰকটীয়া চহৰত এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ পৰৱৰ্তী পৰ্য্যায়ত ঘটনাৰ লগত জড়িতৰ সন্দেহত ১৩ আগষ্টত এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অঞ্চলটোত এতিয়াও অব্যাহত আছে। উল্লেখযোগ্য যে নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা এটা ভাড়াঘৰত ঘৰত কোনো নথকা অৱস্থাত ডিঙিত চিপ লগোৱা অৱস্থাত চহৰখনৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত প্ৰথমাৱস্থাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ ভিত্তিত নাহৰকটীয়া থানাই এক গোচৰ ৰুজু কৰি মৃতদেহটো মৰুণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল যদিও ছাত্ৰী গৰাকীৰ মৃত্যুৰ পিছৰে পৰা সংজ্ঞাহীন হৈ পৰা মাতৃগৰাকীয়ে সুস্থ হৈ উঠাৰ পিছত কিশোৰী গৰাকীৰ অভিভাৱকে পুনৰ এক গোচৰ ৰুজু কৰি তাইক তেওঁলোকে বাস কৰা ভাড়াঘৰটোৰ মালিকৰ পুত্ৰই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি নাহৰকটীয়া থানাত এক হত্যাৰ গোচৰ ৰুজু কৰে। প্ৰণিধানযোগ্য যে পৰিয়ালটোৰ এই গোচৰৰ ভিত্তিত নাহৰকটীয়া থানাই ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত এক হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰি অভিযুক্ত সুব্ৰত দেৱ নামৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে আদালতত হাজিৰ কৰাই অধিক সোধ পোচৰ বাবে তিনিদিনৰ বাবে নিজৰ জিম্মাত লয়। ইফালে ঘটনা সন্দৰ্ভত তদন্ত অধিক ক্ষিপ্ৰ কৰি তুলিবলৈ স্থানীয় মহিলা সমিতিৰ লগতে দল সংগঠনে স্থানীয় থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্তকাৰী বিষয়া গৰাকীৰ স্থিতিত প্ৰশ্ন উত্থাপন কৰি সঠিক তদন্ত কৰি দোষী ক উচিত শাস্তি বিহিবলৈ দাবী জনায়। ইয়াৰ পিছতে ঘটনাৰ গুৰুত্ব বুজি ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক চেতাঙ্গ মিশ্ৰৰ লগতে নাহৰকটীয়াৰ বিধায়ক তৰঙ্গ গগৈ আৰু নামৰূপস্থ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা নাহৰকটীয়া থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰা হব বুলি উপস্থিত ৰাইজক আশ্বাস দিয়াৰ লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনা সংঘটিত হোৱা ঘৰটোত উপস্থিত হৈ নিজেই তদন্তত নামি পৰে। মনকৰিবলগীয়া যে ইয়াৰ পিছতেই ঘটনাৰ সঠিক তদন্তৰ বাবে আৰক্ষী অধীক্ষক গৰাকীয়ে নামৰূপস্থ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা, জয়পুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক অজিত কুমাৰ ৰয়, নাহৰকটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়া আৰু থানা খনৰ আন এগৰাকী উপ পৰিদৰ্শকক লৈ এটা বিশেষ অনুসন্ধানকাৰী দল গঠন কৰি দিয়ে। ইফালে কালি এই ঘটনাৰ অধিক তথ্য আহৰণৰ বাবে ঘটনাস্থলীত চি আই ডিৰ এটা Finger Print বিশেষজ্ঞৰ দল আহি উপস্থিত হোৱাৰ লগতে তেওঁলোকে ঘটনা সংঘটিত হোৱা কোঠাটোৰ পৰা বিভিন্ন ক্লু সংগ্ৰহ কৰে। লক্ষণীয় যে দলটোৰ এই অনুসন্ধান কালত তেওঁলোকে প্ৰকাশ কৰা বিস্ফোৰক তথ্য অনুসৰি যিখন ফেনত ওলমি ছাত্ৰী গৰাকীয়ে আত্মহত্যা কৰিছিল বুলি প্ৰথমাৱস্থাত প্ৰকাশ পাইছিল উক্ত ফেনখনে তাইৰ দেহৰ ওজন বহন কৰাটো কোনোপক্ষেই সম্ভৱ নহয়। একেদৰে সাংবাদিকৰ আগত ঘটনা সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়েও মৰুণোত্তৰ পৰীক্ষাৰ ফলাফলৰ বাদেও সমগ্ৰ ঘটনাটোত ধৃত সুব্ৰত দেৱ জড়িত থকাৰ বিভিন্ন তথ্য প্ৰাৰম্ভিক তদন্তত লাভ কৰা গৈছে বুলি জানিবলৈ দিছে। সাংবাদিকৰ আগত এই ঘটনাৰ লগত ধৃত সুব্ৰত দেৱ জড়িত থকাৰ কেতবোৰ তথ্য লাভ কৰিছে বুলি প্ৰকাশ কৰি এই সংক্ৰান্তত অধিক তদন্ত চলাই আছে বুলি প্ৰকাশ কৰে। প্ৰণিধানযোগ্য যে যে নাহৰকটীয়া চহৰৰ মাজমজিয়াত নিজৰ বাসগৃহত থকা অৱস্থাত এগৰাকী কিশোৰীৰ এনে ৰহস্যময় মৃত্যুক লৈ তীব্ৰ শংকা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা আৰু গোৰখা ছাত্ৰ সন্থাই। এই সন্দৰ্ভত কালি নিশা সংগঠন কেইটাই নাহৰকটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি ছাত্ৰী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনোৱাৰ লগতে এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰতম শাস্তি বিহি নাহৰকটীয়া অঞ্চলত যাতে ভৱিষ্যতে কোনেও এনে দুষ্কাৰ্য কৰিবলৈ সাহস নকৰে তাক সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। একেদৰে এগৰাকী কিশোৰীৰ এনে ৰহস্যময় মৃত্যুক লৈ আজি নাহৰকটীয়া চহৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰে দীঘলা পথাৰ মহিলা সমিতিয়ে। প্ৰতিবাদকাৰী সকলে এই প্ৰতিবাদ কালত নাৰী শিশুৰ নিৰাপত্তা নিশ্চিত কৰক, দোষী ক কঠোৰ শাস্তি দিয়ক আদি বিভিন্ন শ্লোগানেৰে নাহৰকটীয়াৰ আকাশ বতাহ কঁপাই তোলাৰ লগতে এই সন্দৰ্ভত যাতে দোষী কোনো কাৰণতে বাছি যাব নোৱাৰে তাৰ বাবে নাহৰকটীয়া আৰক্ষীক এক স্মাৰক পত্ৰ প্ৰদান কৰে ।উল্লেখযোগ্য যে ধৃত সুব্ৰত দেৱক কালি আৰক্ষীয়ে নাহৰকটীয়া মহকুমা আদালতত হাজিৰ কৰোৱাৰ অন্তত অধিক তথ্য উদঘাটনৰ বাবে পুনৰ বাৰ ৫ দিনৰ বাবে নিজৰ জিম্মাত লয়।
প্ৰেৰক প্ৰাঞ্জল ভূঞা