নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অব্যাহত অভিযানঃ উৎকোচ লৈ গ্ৰেপ্তাৰ লোলুপ চৰকাৰী কৰ্মচাৰীঃ এইবাৰ স্থান ধুবুৰীৰ হুদুৰহাট

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ উৎকোচ ল’বলৈ গৈ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চবৰ্গৰ কাৰ্য্যালয় সহায়ক (UDA) এগৰাকীয়ে আজি দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ (Directorate Vigilance & Anti Corruption Assam) এটা দলৰ জালত পৰা বুলি জানিব পৰা গৈছে। অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আজি এক টুইটযোগে এয়া সদৰী কৰিছে। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ দলেটোৱে কৌশলেৰে জালত পেলোৱা ধৃত সেই উচ্চ বৰ্গৰ কেৰাণীগৰাকী যতীন্দ্ৰ নাথ ৰায় বুলি প্ৰকাশ। জানিব পৰা মতে বিদ্যালয়খনৰ পৰা বদলি লৈ যোৱা শিক্ষয়িত্ৰী এগৰাকীৰ বাকি থকা আনুসংগিক কাম কৰি দিয়াৰ বিনিময়ত উৎকোচ বিছাৰিছিল ধৃত ৰায়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like