নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত পিএমএৱাই গৃহৰ নামত ব্যাপক দুৰ্নীতিঃ জিপিচিৰ বিৰুদ্ধে অভিযোগ হিতাধিকাৰীৰ

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : দুৰ্নীতি, লুণ্ঠনৰ ভূ-স্বৰ্গত পৰিণত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পাভকাটি গাওঁ পঞ্চায়ত। পি এম এ ৱাই হিতাধীকাৰীৰ অজ্ঞাতে ভূৱা একাউন্ট ব্যৱহাৰ কৰি আবাসগৃহৰ বাবে হিতাধীকাৰীৰ নামত আৱণ্টিত লাখ,লাখ টকা লুণ্ঠন ১০/১২জনীয়া এটা দালালচক্ৰৰ। মূখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ বিপৰীত কক্ষত সংশ্লিষ্ট পঞ্চায়তটোৰ চৰকাৰী কৰ্মচাৰী আৰু প্ৰতিনিধি। মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত খহনীয়াগ্ৰস্থ গাওঁ পঞ্চায়ত পাভকাটি গাওঁ পঞ্চায়তত এতিয়া চলিছে দুৰ্নীতিৰ অঘোষিত প্ৰতিযোগিতা।এই দুৰ্নীতিত স্বয়ং সংশ্লিষ্ট গাওঁ পঞ্চায়তখনৰ চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু নিৰ্বাচিত প্ৰতিনিধিয়ে হাত উজান দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী হিতাধিকাৰীৰ। বিশেষকৈ পি এম এ ৱাই আবাসগৃহৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি,লুণ্ঠনৰাজ। পি এম এ ৱাই হিতাধীকাৰীৰ নামত আৱণ্টিত ধনৰাশি সোমাই দালালচক্ৰৰ একাউণ্টত। প্ৰাপ্ত অভিযোগ মতে পি এম এ ৱাই হিতাধীকাৰী হাচনাৰা বেগমৰ বেংকৰ বিৱৰণ ,হাচনাৰা বেগমৰ আবাসগৃহৰ বাবদ চৰকাৰে প্ৰথম কিস্তিত ৩২হেজাৰ, আৰু দ্বিতীয় কিস্তিত ৪৮হেজাৰ টকা মোকলাই দিছে। কিন্তু সেই ধনৰাশি সোমাইছে হাচনাৰা বেগমৰ পৰিৱৰ্তে দালালচক্ৰৰ একাউন্টত হে। এই বিষয়ে হিতাধীকাৰীজনে পঞ্চায়ত প্ৰতিনিধিৰ লগতে চৰকাৰী কৰ্মচাৰীৰ কাষ চপাত তেওঁলোকে হিতাধীকাৰীজনক সহায় কৰাৰ পৰিৱৰ্তে নানান ধৰণৰ দাবি-ধমকি দিয়াৰ অভিযোগ উঠিছে। উল্লেখ্য যে দালাল চক্ৰটোৱে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সৈতে মিলি এনেদৰেই চৰ-চাপৰিত বসবাস কৰা বহু পি এম এ ৱাই হিতাধীকাৰীৰ অজ্ঞাতে ভূৱা একাউণ্ট ব্যৱহাৰ কৰি লাখে,লাখে টকা লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে।এই সমস্ত দুৰ্নীতি পঞ্চায়ত খনৰ জি পি চিৰ পৰোক্ষ সহযোগত হোৱা বুলি হিতাধিকাৰীসকলে অভিযোগ তুলিছে। এই ক্ষেত্রত সংবাদ মাধ্যমৰ যোগেদি মূখ্যমন্ত্ৰীৰ পৰা ন্যায় বিচাৰিছে ভুক্তভোগী হিতাধীকাৰী সকলে।

প্ৰেৰক আবুল কালাম

You might also like