নিয়মীয়া বার্তা, ১৯ মে’ : এসপ্তাহ পূর্বে বিবাহপাশত আবদ্ধ হোৱা এজন যুৱক আৰু সেই যুৱকজনৰ পূর্বৰ প্রেমিকাৰ একেলগে হোৱা আত্মহননে কঁপাহছে গহপুৰ৷ ভালপোৱা প্রেমিকাক ঘৰৰ হেঁচাৰ বাবেই বিবাহ কৰাব নোৱাৰি প্রেমিক–প্রেমিকাই বাছি ল’লে এই চৰম সিদ্ধান্ত৷
প্রাপ্ত তথ্য অনুসৰি গহপুৰ থানাৰ অন্তর্গত কুকুৰজান নিৱাসী হেমন্ত মহানন্দ নামৰ যুৱকজনে দীর্ঘদিন ধৰি চেঙাই গাঁৱৰ পলী মণ্ডল নামৰ এগৰাকী যুৱতীৰ সৈতে প্রেমৰ সম্পর্ক কৰি আছিল যদিও এসপ্তাহ পূর্বে নগাঁও মিছা বাগানৰ আন এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ শেহতীয়াকৈ হেমন্ত মহানন্দই পূর্বৰ প্রেমিকাৰ ঘৰলৈ যায় আৰু দুয়ো নিশা অন্তর্ধান হয়৷
সন্দেহ হৈছে দুয়োৱে ভালপোৱাৰ পূর্ণতা দিব নোৱাৰি ভাগি পৰিল সম্পূর্ণৰূপে৷ পুৱা দুয়োকে এডাল বগৰী গছত একেডাল ৰছীৰে ডিঙিত চিপ লৈ মুখামুখিকৈ ওলমি থকা অৱস্থাত স্থানীয় লোকে প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ গহপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে৷ ইফালে গহপুৰত সংঘটিত এই দুই প্রেমিক যুগলৰ আত্মহত্যা সম্পর্কে কেতবোৰ কথা জানিব পৰা গৈছে৷
স্থানীয় ৰাইজৰ লগতে আত্মহনন কৰা পলী মণ্ডল নামৰ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি এসপ্তাহ পূর্বে ঘৰৰ পৰিয়ালে ল’ৰাৰ মন নথকা সত্ত্বেও বিয়া কৰাই দিছিল আন এগৰাকী যুৱতীৰ সৈতে৷ নিজৰ প্রেমিকাক এৰিব লগা হোৱা ঘটনাই মর্মাহত কৰিছিল হেমন্ত মহানন্দক৷ অৱশেষত আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি ল’লে প্রেমিক যুগলে৷
এয়া কৰুণ ঘটনা সংঘটিত কৰা যুৱতীগৰাকীৰ মাতৃৰ ভাষ্য৷ তেওঁৰ জীয়ৰীক কিমান ভাল পায় তাকে বর্ণনা কৰিছে মাতৃগৰাকীয়ে৷ দুয়ো দুয়োকে ইমান ভালপোৱাৰ পিছতো কিয় এই পৃথিৱীৰ পৰা বিদায় ল’লে সেয়া ৰহস্য হৈ পৰিছে বুলিও গুৰুতৰ অভিযোগ তুলি সংঘটিত কৰা এই হৃদয়বিদাৰক ঘটনাত যুৱতীগৰাকীৰ পৰিয়ালৰ লোক ভাগি পৰিছে৷
উল্লেখ্য যে গহপুৰ বন বিভাগৰ কার্যালয়ৰ সন্মুখত এজোপা গছত দুয়োৱে এডাল ৰছীতে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লয়৷ ইতিমধ্যে ঘটনাটো পোহৰলৈ অহাৰ পিছত যুৱকজনৰ পৰিয়ালৰ লোকে কোনোধৰণৰ মন্তব্য সংবাদ মাধ্যমৰ আগত কৰিব খোজা নাই৷ হেমন্ত মহানন্দৰ পৰিয়ালৰ লোকে এই ঘটনা সম্পর্কে একো ক’ব নিবিচাৰি সম্পূর্ণ আঁতৰি আছে সংবাদ মাধ্যমৰ পৰা৷
আনহাতে যুৱতীগৰাকীৰ মাতৃ, বায়েক, ভায়েক আৰু ভিনীহিয়েকে মন্তব্য কৰা অনুসৰি যুৱতীগৰাকীক পুৱতিনিশা ৪মান বজাত পূর্বৰ প্রেমিক হেমন্ত মহানন্দই ঘৰৰ পৰা লৈ যায়৷ এই কথা মাতৃ অৱগত নাছিল, কিন্তু বর্তমান যুৱকজনৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে ইয়াৰ ডচিত তদন্ত বিচাৰি এজাহাৰ দাখিল কৰাৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে৷ উল্লেখ্য যে বিবাহিত হেমন্ত মহানন্দই প্রেমিকা পলী মণ্ডলক ঘৰত সোমোৱাত পৰিয়ালৰ লোকে মাৰধৰ কৰাত দুয়ো আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় বুলি পলীৰ মাতৃয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইফালে ঘটনাস্থলীত গহপুৰ থানাৰ আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত আত্মহনন কৰা যুৱক–যুৱতীহালক নমাই প্রথমে থানালৈ লৈ যোৱাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হয়৷