ৰাজ্য চৰকাৰৰ কর্মচাৰীলৈ সুখবৰঃ ডিচেম্বৰৰ দৰমহা–পেন্সনৰ লগতে ৩ শতাংশ ডিএ
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ৰাজ্যিক কর্মচাৰীসকলৰ বাবে সুখবৰ৷ যোৱা ২৪ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে চলিত বর্ষৰ ১ জুলাইৰ পৰা কার্যকৰী হোৱাকৈ সংশোধিত হাৰত ৰাজ্য চৰকাৰৰ কর্মচাৰী, পেন্সনাৰ, পাৰিবাৰিক পেন্সনধাৰক আৰু বিশেষ পেন্সনধাৰকসকলৰ বাবে ৩১ শতাংশ (২৮ শতাংশ+ ৩ শতাংশ) হাৰত ডিএ/ডিআৰ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটৰ সেই সিদ্ধান্তৰ পাছত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এক জাননীযোগে চলিত ডিচেম্বৰ মাহৰ দৰমহা, পেন্সনৰ সৈতে বর্ধিত তিনি শতাংশ ডিএ/ডিআৰ আদায়ৰ ব্যৱস্থা কৰে৷ যোৱা জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈ ৫ মাহৰ বকেয়া ডিএ/ডিআৰ একেটা কিস্তিতে আদায় দিয়া হ’ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে৷