নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীৰ কানাইমাৰাত আৰক্ষীৰ অভিযানত ডকাইত গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ কানাইমাৰাত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই এটা ডকাইত গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে যোৱা ২৪ অক্টোবৰত হাটশিঙিমাৰীৰ ৰঘুপাৰা গাঁৱৰ ময়নাল হকৰ ঘৰত নিশা দৰ্জা ভাঙি চাৰি জনীয়া ডকাইতৰ দল এটা নগদ ৬ লাখ টকা লুটি নিছিল। তেতিয়াৰ পৰাই ডকাইতৰ দলটো আত্মগোপন কৰি আছিল যদিও কালি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ছেলিম শেখ নামৰ এটা ডকাইতক আটক কৰি সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰি আজি হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰায়।

ইতিমধ্যে আদালতে ডকাইতটোক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। খাৰুৱাবান্ধা আৰক্ষী চকীৰ উপ পৰিদৰ্শক হীৰেন বংগৰুম কয় যে ধৃত ডকাইটো ইতিমধ্যে ডকাইতিৰ কথা স্বীকাৰ কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত বাকী ডকাইত কেইটাক আৰক্ষীয়ে অতি সোনকালে কৰায়ত্ব কৰিব বুলি জানিবলৈ দিয়ে।

You might also like