নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষিত বিদেশী নাগৰিকে হেৰুৱাব ৰাজনৈতিক-ভূমিৰ অধিকাৰ

🔹 গুৱাহাটী হাইক’ৰ্টৰ গুৰুত্বপূর্ণ নির্দেশনা

ষ্টাফ ৰিপ’টাৰ, ১৩ ডিচেম্বৰ : অবৈধভাৱে সীমান্ত অতিক্রমি ভাৰত ভূমিত প্রৱেশ কৰা একাংশ অবৈধ নাগৰিকৰ বাবে পলে পলে ৰাজ্যত খিলঞ্জীয়াৰ অধিকাৰ খর্ব হৈ আহিছে৷ ৰাজপথৰ পৰা আৰম্ভ কৰি আইনী যুঁজ অব্যাহত থকা সত্ত্বেও বহু সময়ত এই জ্বলন্ত সমস্যাই মূৰ দাঙি উঠিছে৷ ইয়াৰ মাজতে এইবাৰ অবৈধ বিদেশীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৰাজ্যত বাস কৰা অবৈধ বিদেশীৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰকে ধৰি একাধিক অধিকাৰ কর্তন কৰিবলৈ উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে নির্দেশ দিছে৷ বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা কেইবাটাও গোচৰৰ শুনানি গ্রহণ কৰি খণ্ড বিচাৰপীঠখনে এই নির্দেশনা দিয়ে৷ গোচৰটোৰ নিষ্পত্তি কৰি খণ্ড বিচাৰপীঠখনে পর্যবেক্ষণ কৰে যে এছঅ’পি অথবা নির্দিষ্ট নিয়মাৱলী নাথাকিলে ঘোষিত বিদেশী পুনৰ সমাজৰ সৈতে মিলিত হৈ পৰিব আৰু ভাৰতীয় নাগৰিকে ভোগ কৰি থকা অধিকাৰ লাভ কৰিব৷ সেয়েহে ৰাজ্য চৰকাৰক এজন ন’ডেল বিষয়া নিযুক্তি দিবলৈ খণ্ড বিচাৰপীঠখনে নির্দেশ দিয়ে৷ এই ন’ডেল বিষয়াজনৰ ওচৰত ঘোষিত বিদেশীসকলে ভূমিৰ নথি, ভোটাৰ পৰিচয় পত্রকে ধৰি সকলোধৰণৰ গুৰুত্বপূর্ণ নথি-পত্র জমা দিব লাগিব৷ যাতে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কর্তন কৰিব পৰা যায়৷ তদুপৰি তেওঁলোকে দখল কৰি থকা ভূমি চৰকাৰক ওভতাই ল’বলৈও বিচাৰপীঠখনে নির্দেশ দিছে৷ অৱশ্যে ঘোষিত বিদেশীসকলে কেতবোৰ সা–সুবিধা উপভোগ কৰিব পাৰিব৷ শিক্ষা, স্বাস্থ্য আৰু খাদ্যৰ অধিকাৰ ঘোষিত বিদেশীসকলে উপভোগ কৰি থাকিব বুলি স্পষ্ট কৰি দিছে৷ জীৱিকাৰ বাবে তেওঁলোকক ‘ৱর্ক পার্মিট’ প্রদান কৰিব পাৰিব৷ কিন্তু খাদ্য সুৰক্ষা আইনৰ লগতে অন্যান্য হিতাধিকাৰীৰ তালিকাৰ পৰাও তেওঁলোকৰ নাম কর্তন কৰিব লাগিব বুলি উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে৷ উল্লেখ্য যে বিদেশী নাগৰিকৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে অসম আন্দোলনৰ দৰে আন্দোলনে অসমত গা কৰি উঠিছে৷ অসম চুক্তিৰ ভিত্তিত ১৯৭১ চনৰ ২৫ মার্চলৈকে অহা অনুপ্রৱেশকাৰীক নাগৰিকত্ব প্রদান কৰা হয়৷ কিন্তু ইয়াৰ পৰৱর্তী পর্যায়ত অসমত অবৈধভাৱে প্রৱেশ কৰা লোকসকলক বিতাড়ন কৰাৰ ব্যৱস্থা আছে৷ বিদেশী সন্দর্ভত ৰুজু হোৱা গোচৰৰ নিষ্পত্তিৰ বাবে ৰাজ্যত এশখন বিদেশী ন্যায়াধিকৰণ স্থাপন কৰা হৈছে৷ সমান্তৰালভাৱে ৰাজ্যত ডিটেনচন কেম্প স্থাপন কৰা হৈছে৷ চৰকাৰী তথ্য অনুসৰি, ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণসমূহত ৩,৩৪,৯৬৬টা গোচৰ নিষ্পত্তি কৰা হৈছে৷ ইয়াৰ বিপৰীতে বর্তমান বিচাৰাধীন হৈ থকা গোচৰৰ সংখ্যা ৯৭,৭১৪টা৷ কিন্তু বহু সময়ত বিদেশী ন্যায়াধিকৰণৰ ৰায়সমূহে বিভ্রান্ত কৰি আহিছে একাংশ ভুক্তভোগী লোকক৷ আনকি বিদেশী ন্যায়াধিকৰণসমূহে আইনীভাৱে প্রদত্ত দায়িত্ব পালনত ব্যর্থ হোৱাৰো অভিযোগ দীর্ঘদিনীয়া৷ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণসমূহে দিয়া ৰায় পুনৰীক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে৷ উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছিল যে সঠিকভাৱে উপলব্ধ নথি–পত্রসমূহৰ পৰীক্ষা অবিহনে একাংশ বিদেশী ন্যায়াধিকৰণে ৰায় অথবা নিজৰ মতামত প্রকাশ কৰি আহিছে৷ ইয়াৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি এই কঠোৰ নির্দেশনা দিছে৷ লক্ষণীয় যে বিদেশী ন্যায়াধিকৰণসমূহে বিদেশী হিচাপে মতামত দিয়া লোকসকলৰ ৰায় উচ্চ ন্যায়ালয়ত বাহাল থকাসকলৰ ক্ষেত্রতহে কালিৰ নির্দেশনাসমূহ প্রযোজ্য হ’ব৷

You might also like