নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত অভাৱনীয় জনবিস্ফোৰণ

🔹 ৰাষ্ট্রসংঘৰ ‘ৱর্ল্ড পপুলেচন প্র’ছপেক্টছ’ত উদ্বেগজনক তথ্য
🔹 ২০৮০ চনত বিশ্বৰ জনসংখ্যা ১,০৩০ কোটি হোৱাৰ পূর্বাভাস

বিশেষ বাৰ্তা, ১৩ জুলাই : অধিক জনবিস্ফোৰণৰ দিশলৈ গৈ আছে ভাৰত৷ চীনক অতিক্রম কৰি বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে ইতিমধ্যে স্বীকৃতি পাইছে ভাৰতে৷ ২০১১ চনৰ পৰা ভাৰতত লোকপিয়ল বা জনগণনা নহ’লেও ২০২৩ চনত ৰাষ্ট্রসংঘৰ পৰিসংখ্যা অনুসৰি চীন আৰু ভাৰতৰ মাজত জনসংখ্যাৰ পার্থক্য প্রায় ২০ লাখৰ৷ ভাৰতৰ জনসংখ্যা ২০২৩ চনত ১৪২ কোটি ৮৬ লাখ, আনফালে চীনৰ জনসংখ্যা ১৪২ কোটি ৫৭ লাখ৷ ৰাষ্ট্রসংঘৰ এক জনসংখ্যা সম্পর্কীয় সমীক্ষাত দাবী কৰা হৈছে যে ২০৬০ চনত ভাৰতৰ জনসংখ্যা হ’ব ১৭০ কোটি৷ অর্থাৎ জনসংখ্যা বৃদ্ধিৰ হাৰে ২০৬০ চনত শীর্ষস্থান লাভ কৰিব৷ তাৰ পাছত ভাৰতৰ জনসংখ্যা ১২ শতাংশ কমিব৷ ২০৮০ চনৰ মাজভাগত বিশ্বৰ জনসংখ্যা হ’ব ১,০৩০ কোটি৷ বিশ্বৰ বর্তমান জনসংখ্যা ৮২০ কোটি৷ অর্থাৎ ২০৮০ চনত পৃথিৱীৰ জনসংখ্যাই এহেজাৰ কোটি অতিক্রম কৰিব৷ একবিংশ শতিকাৰ শেষত ভাৰতৰ জনসংখ্যা যথেষ্ট হ্রাস পালেও দেশখন বিশ্বৰ ভিতৰতে শীর্ষস্থানত থাকিব বুলি ৰাষ্ট্রসংঘৰ এই প্রতিবেদনত দাবী কৰা হৈছে৷ ৰাষ্ট্রসংঘৰ ডিপার্টমেণ্ট অৱ ইক’নোমিক এণ্ড ছ’চিয়েল এফায়ার্ছ (ডিইএছএ)ৰ তৰফৰ পৰা প্রকাশ কৰা ‘ৱর্ল্ড পপুলেচন প্রছপেক্টছ ২০২৪’ শীর্ষক প্রতিবেদনত উল্লেখ কৰা হৈছে যে জনসংখ্যা কমিলেও ভাৰতেই বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ থাকিব৷ এই প্রতিবেদন অনুসৰি ২০২৪ চনৰ শেষত ভাৰতৰ সম্ভাব্য জনসংখ্যা হ’ব পাৰে ১৪৫ কোটি৷ বর্ষটোৰ শেষত চীনৰ জনসংখ্যা হ’ব ১৪১ কোটি৷ ২০৬০ চনত ভাৰতৰ জনসংখ্যাই বিশ্বৰ ভিতৰতে শীর্ষস্থান স্পর্শ কৰিব৷ প্রতিবেদন অনুসৰি ২০৬০ চনত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ শীর্ষত উঠিব বাবে সেই সময়ত দেশখনৰ জনসংখ্যা হ’ব ১৭০ কোটি৷ কিন্তু চীনৰ জনসংখ্যা ২০৬০ চনত ১২০ কোটিৰ ওচৰা–উচৰিতে থাকিব বুলি ৰাষ্ট্রসংঘৰ প্রতিবেদনত পূর্বাভাস দিয়া হৈছে৷ ৰাষ্ট্রসংঘৰ এই প্রতিবেদন অনুসৰি ২১০০ চনত ভাৰতৰ জনসংখ্যা হ’ব পাৰে ১৫০ কোটি৷ অর্থাৎ জনসংখ্যা একবিংশ শতাব্দীৰ শেষত যথেষ্ট হ্রাস পাব ভাৰতত৷ জনসংখ্যাৰ হিচাপত ভাৰত আৰু চীনৰ পাছতে থাকিব পাৰে আমেৰিকা৷ সেই দিশৰ পৰা চাবলৈ গ’লে জনসংখ্যা কমিলেও একবিংশ শতাব্দীৰ শেষতো ভাৰত বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ থাকিব৷ ৰাষ্ট্রসংঘৰ সংস্থাটোৰ তৰফৰ পৰা যুগুতোৱা এই প্রতিবেদনে ভাৰতৰ জনসংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ ইংগিত কৰিছে৷ ডিইএছএৰ অন্যতম বিষয়ববীয়া ক্লেয়াৰ মেন’ৎজিয়ে সংবাদ সংস্থা পিটিআইৰ এক প্রশ্ণৰ উত্তৰত কয় যে বৃহত্তৰ ভৌগোলিক আয়তন আৰু জন্মৰ হাৰ কমাৰ বাবে ২০২৪ৰ পৰা ২০৫৪ চনৰ ভিতৰত চীনত জনসংখ্যা ২০ কোটিৰো বেছি হ্রাস পাব পাৰে৷ এই সময়ছোৱাৰ ভিতৰত জাপানত ২ কোটি আৰু ৰাছিয়াত ১ কোটি জনসংখ্যা কমিব পাৰে বুলি মন্তব্য কৰে মেন’ৎজিয়ে৷ স্মর্তব্য যে দীর্ঘদিন ধৰি বিশ্বৰ আটাইতকৈ জনবহুল দেশৰ স্বীকৃতি পাই আছিল চীনে৷ কিন্তু ‘এক সন্তান নীতি’ৰ ওপৰত গুৰুত্ব দিয়াৰ পাছতে চীনত জনসংখ্যা হ্রাস পাই থাকে৷ ৬টা দশকৰ পাছত প্রথমবাৰৰ বাবে চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ স্থবিৰ হৈ পৰাই নহয়, অস্বাভাৱিকভাৱে কমিও গৈছে৷ তথ্যত দেখিবলৈ পোৱা গৈছে ভাৰততো জনসংখ্যা বৃদ্ধিৰ হাৰ স্থবিৰ হৈছে৷ ২০১১ চনৰ পাছত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.০২ শতাংশত স্থবিৰ হৈছে৷ ইয়াৰ পূর্বে আছিল ১.০৩ শতাংশ৷ ইয়াৰ বাবেই ২০৬০ চনৰ পাছত ভাৰতত জনসংখ্যা কমিব৷ জনসংখ্যা হ্রাসৰ মোকাবিলা কৰিবলৈ চীনে কেইবাবছৰো ধৰি ‘এক সন্তান নীতি’ পৰিহাৰ কৰি আহিছে৷ অধিক সন্তান জন্ম দিয়াৰ বাবে দেশখনৰ নাগৰিকসকলক চীন চৰকাৰে উৎসাহিত কৰি আহিছে যদিও এইক্ষেত্রত বিশেষ সুফল পোৱা নাই দেশখনে৷

You might also like