- পার্থসাৰথি মহন্ত
‘চাই ল’ম’
কোনে কিমানবাৰ কাক কৈছে একো হিচাপ নাই৷ কেতিয়াবা আঙুলি জোকাৰি জোকাৰি তালু ফাটি যোৱাকৈ চিঞৰি, কেতিয়াবা সকলো আৱেগ সামৰি–সুতৰি ৰাখি মনতে৷
ৰাজসভাত চিঞৰি চিঞৰি ভীমে চাই ল’ম বুলি কৈছিল দুঃশাসনক৷ দুঃশাসনৰ ৰক্তপান কৰি প্রতিশোধ লৈছিল৷ শকুনিয়ে কুৰু বংশৰ ওপৰত প্রতিশোধ ল’ব বুলি মনতে কৈছিল, আৰু, লৈছিল৷
প্রতিশোধ৷ আমাক দিয়া আঘাতৰ প্রত্যুত্তৰত আমি দিয়া প্রতি–আঘাত৷ আমাক কৰা ক্ষতিৰ বাবে আমি দিয়া শিক্ষা৷ সত্য যুগৰে পৰা প্রতিশোধৰ দাবানলত মানুহ জ্বলি আহিছে৷ প্রতিশোধ লৈও জ্বলিছে, প্রতিশোধ ল’ব নোৱাৰাৰ ফ্রাছট্রেচনতো জ্বলিছে৷
ইমান তীব্র এই আৱেগ৷ ‘প্রতিশোধ ল’ম’৷ এটা সৰল আৰু কেঁচা আৱেগ৷ কিন্তু ভয়ংকৰ উদগ্র৷
ছুইজাৰলেণ্ডৰ এদল গৱেষকে এই আৱেগ বুজিবলৈ যত্ন কৰিছিল৷ প্রতিশোধ ল’ব খোজা মানুহৰ মন–মগজুত কি হৈ থাকে তেওঁলোকে প্রথমতে অতি সম্প্রতি অন্যায়ৰ বলি হোৱা আৰু প্রতিশোধ ল’ব খোজা মানুহৰ ব্রেইনৰ স্কেন কৰিলে৷ তাৰ পাছত গৱেষকসকলে এই মানুহখিনিক প্রতিশোধ লোৱাৰ সুবিধা দিলে৷ মানুহখিনিয়ে যেতিয়া কেনেকৈ প্রতিশোধ ল’ব, সেই চিন্তা–পৰিকল্পনাত লাগি গ’ল, সেই সময়ত এক মিনিট তেওঁলোকৰ ব্রেইনৰ কার্যকলাপ আৰু গতিবিধি ৰেকর্ড কৰিলে৷ দেখা গ’ল যে ক’ডেট নিউক্লিয়াছত অর্থাৎ মস্তিষ্কৰ যিটো অংশ সক্রিয় হ’লে আমি মানসিক তৃপ্তি লভোঁ, সেই অংশত স্নায়ৱিক কার্যকলাপ তৎক্ষণাত বাঢ়ি গ’ল৷ অর্থাৎ প্রতিশোধে মানুহক এক অদ্ভুত মানসিক পৰিতৃপ্তি দিয়ে৷
কিন্তু কিমান স্থায়ী এই পৰিতৃপ্তি, এই সন্তুষ্টি৷ প্রতিশোধ পূৰণৰ পৰা পোৱা তৃপ্তিতেই আঘাত–প্রতিআঘাতৰ অধ্যায়টো আধ্যা পৰেনে? ইণ্টাৰেষ্টিং কথাটো হ’ল, প্রতিশোধ পূৰণ কৰি আমি এক তাৎক্ষণিক পৰিতুষ্টি লাভ কৰোঁ, হয়, আমাৰ মনত কিন্তু দাগটো থাকি যায়৷ অর্থাৎ আমি ভবাৰ দৰে প্রতিশোধে আমাক মানসিক শান্তি আনি নিদিয়ে, ই আমাৰ অশান্তি দীঘলীয়াহে কৰে৷ বিশেষকৈ দুটা কথা হয়৷ প্রতিশোধ পূৰণৰ পৰা পোৱা পৰিতুষ্টিয়ে প্রথম আঘাতৰ স্মৃতি আৰু দীঘলীয়া কৰে৷ দ্বিতীয়তে, প্রতিপক্ষৰ প্রতি–আক্রমণৰ বাবে সাজু হৈ থাকিবলগীয়া হয়৷ ভয়ত নাথাকিলেও সতর্ক হৈ থাকিবলগীয়া হয়৷ চিনেমাৰ দৰে বাস্তৱ জীৱনত প্রতিশোধে সদায়েই ন্যায় প্রতিষ্ঠা কৰিব নোৱাৰে৷ এটা সমপ্রতিক্রিয়া ধাৰা যে সৃষ্টি কৰে, সেয়া কিন্তু খাটাং৷ এই ক্রিয়া–প্রতিক্রিয়াৰ অন্ত সময়েহে ঠিক কৰে৷ একমাত্র সময়ে৷ মানে এটা কথা সন্দেহাতীতভাৱে ক’ব পাৰি যে প্রতিশোধ পূৰণত বাস্তৱৰ চিনেমাখন শেষ হৈ নাযায়৷
তেনেহ’লে কি কৰা যায়? প্রতিশোধ নামৰ এই জুইৰ নিচিনা আৱেগক লৈ কি কৰা যায়, এই প্রচণ্ড আৱেগক কেনেকৈ কাবু কৰা যায়? উপায় কি?
উপায় এনে হ’ব লাগিব যে প্রতিশোধ চৰিতার্থ কৰি ব্রেইনে যে তৃপ্তি পায়, এই বিকল্প উপায়ৰ পৰাও একেই তৃপ্তি পাব লাগিব৷ তৃপ্তি যিমানেই বেছি হয়, সিমানেই ভাল৷ কিন্তু এই উপায়ত প্রতিশোধ, ক্রিয়া–প্রতিক্রিয়া, আক্রমণ–প্রতিআক্রম, আঘাত–প্রতিআঘাত নাথাকিব৷ প্রতিশোধে সৃষ্টি কৰা ব্রেইন ৰিয়েকচন নাথাকিব৷ কি এই বিকল্প?
সাফল্য৷ সকলো চিন্তা–আলোচনা–গৱেষ্ সিদ্ধান্ত– প্রতিশোধৰ সমগ্র বিষয়টো সকলো দিশৰ পৰা কার্যকৰীভাৱে নিয়ন্ত্রণত ৰখাৰ সবাতোকৈ সজ উপায় হ’ল সাফল্য৷ ঈর্ষণীয় সাফল্যই হৈছে সর্বোৎকৃষ্ট প্রতিশোধ৷ আনক কেনেকৈ ধ্বংস কৰিম, আনক কেনেকৈ ক্ষতি কৰিম, অপকাৰ কৰিম বুলি সময় নষ্ট কৰি থকাতকৈ নিজৰ বিকাশ আৰু উন্নতিত মনোযোগ দিয়াই শ্রেয়৷ তোমাৰ বেয়া কৰিবলৈ চেষ্টা কৰাখিনিয়ে তোমাক ধ্বংস কৰিব নোৱাৰাৰ হতাশাত দগ্ধ হোৱাৰ লগতে তোমাৰ সফলতাতো জ্বলিব৷
প্রতিশোধৰ জ্বালাই দুখন চিতা জ্বলায়, এখন নিজৰ৷ সেই কাৰণেই এলবার্ট আইনষ্টাইনে কৈছিল– ‘দুর্বল মানুহে প্রতিশোধ বিচাৰে, শক্তিশালী মানুহে ক্ষমা কৰি দিয়ে, কিন্তু, জ্ঞানীজনে এই অপকাৰ কৰা–প্রতিশোধ লোৱা খেলবোৰৰ পৰা নিজকে নিলগাই ৰাখে৷’
কথাতে কয় বোলে প্রতিশোধ গৰমে গৰমে খোৱা বস্তু নহয়, ঠাণ্ডাকে পৰিৱেশন কৰিলেহে প্রতিশোধৰ সোৱাদ বেছি৷ সেয়েহে প্রতিশোধ লোৱাৰ যি প্রবল হাবিয়াস, সেই হাবিয়াস একেই প্রাবল্যৰে, একেই তীব্রতাৰে নিজৰ সফলতাৰ দিশত পৰিচালিত কৰিব লাগে৷ নিজৰ উত্তৰোত্তৰ উন্নতিত সেই প্রখৰতা আনিব লাগে৷ তুমি সফল হোৱাৰ লগতে সুখীও হ’বা৷ তোমাৰ অপকাৰীৰ প্রতি তোমাৰ নির্বিকাৰ–নিৰুদ্বেগ ভাব আৰু তোমাৰ সুখ হ’ব তেওঁলোকৰ ব্যর্থতা, দুখ আৰু হতাশাৰ কাৰণ৷
এটা প্রশ্ণ হয়? অপকাৰী, অন্যায়কাৰী কি তেনেকৈয়ে সাৰি যাব? সেই অন্যায়–ধর্ম–ত্যাচা কাৰণে একো শাস্তি নহ’ব? একো শাস্তি নোপোৱাকৈ আনে আনক আৰু অন্যায় কৰিবলৈ সাহস নাপাবনে? আন কোনো কোনোৱেও সেয়া দেখি অন্যায়–বিচাৰ কৰিবলৈ সাহস নোগোটাবনে?
প্রতিশোধৰ ক্ষুধাত আমি পাহৰি যাওঁ যে প্রাকৃতিক আইন বুলি এটা কথা আছে৷ ভগৱানে পৃথিৱীখন মানুহক যি মন যায় তাকে কৰিবলৈ গতাই দিয়া নাই৷ সময় আৰু প্রকৃতি৷ সময়ত প্রকৃতিৰ নিয়মে সকলো বিচাৰ কৰি লয়৷ মহাত্মা গান্ধীয়েও সেইটোকেই কৈছিল৷ ‘এটা চকু ফুটোৱা কাৰণে চকু ফুটাই গৈ থাকিলে এটা সময়ত পৃথিৱীখনেই অন্ধ হৈ পৰিব৷’ আচলতে কোনো কাৰণ নোহোৱাকৈ একো নহয়৷ প্রতিটো ঘটনা–পৰিঘটনাৰে এটা কাৰণ থাকে৷ আমি দেখা নাপাওঁ, বুজি নাপাওঁ৷ আনক কৰা অন্যায় বুমেৰাঙৰ দৰে, নিজলৈ ঘূৰি আহিবই৷ কর্ম৷ নিজ কর্মৰ ফল নিজেই ভুগিব লাগিব৷ কুকুৰে কামুৰিলে আমি ওলোটাই কুকুৰটোক কামুৰি নিদিওঁ, সাপে খুঁটিলেও আমি কামুৰিবলৈ নাযাওঁ৷
ঈগলক কোনো চৰায়েই অশান্তি নকৰে, কেতিয়াও ঈগলৰ ৰাস্তাত নাহে৷ কিন্তু কাউৰী৷ কাউৰীয়ে সুবিধা পালে গৈ ঈগলৰ পিঠিত উঠি লয় আৰু ডিঙিত কামুৰিবলৈ চেষ্টা কৰে৷ ঈগলে একো নকৰে, যুদ্ধ কৰাটো দূৰৰে কথা৷ কাউৰীৰ লগত সময় আৰু শক্তি ঈগলে নষ্ট নকৰে৷ দুপাখি মেলি আকাশলৈ উৰা মাৰে৷ ইমান ওপৰলৈ যে উশাহ ল’ব নোৱাৰা হৈ কাউৰী সৰি পৰে৷ সিদ্ধান্ত আমাৰ নিজৰ– কাউৰী হ’ম নে ঈগল?