নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনে আনিছিল যমজ সন্তান– নাজানে সংগীতাই; জেৰাত বিস্ফোৰক স্বীকাৰোক্তি

নিয়মীয়া বাৰ্তা, ৮ মে’: এটি নিষ্পাপ কন্যা শিশুক তালিবানী শাস্তি দি চর্চালৈ অহা মহানগৰীৰ অভিজাত চেলিব্রিটী দম্পতীৰ কাহিনী কৈ থাকিলেও যেন ওৰ নপৰে৷ আগশাৰীৰ চিকিৎসক দম্পতী ৱালিউল ইছলাম আৰু সংগীতা দত্তক গ্রেপ্তাৰৰ পিছত নিতৌ ন ন তথ্য পোহৰলৈ আহিছে৷ আনক সঘনাই নীতিশিক্ষা দি অহা এই দম্পতীয়ে বাস্তৱ জীৱনত কণমানি শিশুৰ ওপৰত চলোৱা অকথ্য নির্যাতনৰ কাহিনীয়ে সমগ্র ৰাজ্যকে শিহৰিত কৰি তুলিছে৷ কেৱল সেয়াই নহয়, নিজৰ ঘৰত ৰখা পালিত দুই সন্তানক ক’ৰ পৰা কোনে আনিছিল, সেই সন্দর্ভতো অৱগত নহয় ডাঃ সংগীতা দত্ত৷ এটি সন্তান তুলি লোৱাৰ সময়ত আইনীভাৱে পালন কৰিবলগীয়া কোনো নীতি–নিয়ম তেওঁলোকে পালন কৰা নাছিল৷ কালি নিশা খানাপাৰাৰ পাহাৰৰ পৰা গ্রেপ্তাৰ কৰাৰ পিছত ডাঃ সংগীতা দত্তক চলোৱা জেৰাত এই তথ্য পোহৰলৈ আহিছে৷ আৰক্ষীয়ে থানাত চলোৱা জেৰাৰ এটা ভাইৰেল ভিডি’ত তদন্তকাৰী আৰক্ষীয়ে সোধা প্রশ্ণৰ উত্তৰত ডাঃ দত্তই নির্যাতনৰ বলি হোৱা কন্যা শিশুটিক কোনে আনিছিল, ক’ৰ পৰা আনিছিল, কোনো তথ্যই নাজানে বুলি স্পষ্টভাৱে স্বীকাৰ কৰিছে৷ কন্যা শিশুটিক ক’ত লাভ কৰিছিল বুলি সোধা প্রশ্ণৰ উত্তৰত ডাঃ দত্তই কয়– ‘কন্যা সন্তানটি কাৰ নাজানো৷ পৰিচয় হিচাপে মোৰ ছোৱালী৷ কিন্তু আপুনি যদি জেনেটিকেলী সুধিছে, তেতিয়াহ’লে কাৰ সন্তান নাজানো৷’ পুনৰ তদন্তকাৰী বিষয়াই কন্যা সন্তানটিক ক’ৰ পৰা আনিছিল বুলি সোধা প্রশ্ণৰ উত্তৰ ডাঃ সংগীতা দত্তই প্রকাশ কৰা অনুসৰি, তেওঁক সন্তানটি এগৰাকী মানুহে দি থৈ গৈছে৷ ছাৰোগেচী ব্যর্থ হোৱাৰ পিছত যিগৰাকী মহিলাক ছাৰোগেচীৰ বাবে যোগাযোগ কৰা হৈছিল, তেওঁ যমজ সন্তান ডাঃ দত্তক দি থৈ গৈছিল৷ একেবাৰে নৱজাতক সন্তান দুটিক ডাঃ সংগীতা দত্তৰ হাতত সেই মহিলাগৰাকীয়ে গতাই দিছিল৷

ছাৰোগেচীৰ বাবে যোগাযোগ কৰা মহিলাগৰাকীয়ে সেই সন্তান ক’ৰ পৰা আনি দিছিল বুলি তদন্তকাৰী বিষয়াই সোধা প্রশ্ণৰ উত্তৰত ডাঃ দত্তই কয়– ‘মহিলাগৰাকীয়ে ক’ৰ পৰা আনিছে, মই একো নাজানো৷ মানুহগৰাকীয়ে মোক দিছে৷ ২০১৯ চনত মহিলাগৰাকীয়ে আমাক সন্তানহাল আনি দিছে৷ দুয়োটি সন্তান নৱজাতক আছিল৷ দুয়োৰে বয়স একে আছিল৷ যমজ বুলি মোক কৈছিল৷’ ছাৰোগেচী কৰাৰ বাবে যোগাযোগ কৰা মহিলাগৰাকীৰ সবিশেষ তেওঁলোকৰ হাতত আছেনে বুলি আৰক্ষীয়ে সোধা প্রশ্ণৰ উত্তৰত ডাঃ দত্তই কয় যে সেই সন্দর্ভত নথি–পত্র তেওঁলোকৰ হাতত আছে৷ স্বাভাৱিকতে ধৃত ডাঃ সংগীতা দত্তৰ এই স্বীকাৰোক্তিয়ে ৰাজ্যবাসীক হতচকিত কৰি তুলিছে৷ পেছাত এগৰাকী চিকিৎসক তথা উচ্চশিক্ষিত ডাঃ দত্তই কিদৰে কোনোধৰণৰ আইনী প্রক্রিয়া অনুসৰণ নকৰাকৈ এহাল সন্তানক এনেদৰে নিজৰ লগত ৰাখি অকথ্য নির্যাতন চলাই আহিছিল৷ কি উদ্দেশ্যৰে এই সন্তানহালক তেওঁলোকে নিজৰ লগত ৰাখি এনেদৰে নির্যাতন চলাইছিল, সেয়াও ৰহস্যৰ আৱর্তত৷ নিজৰ গর্ভত নৰখাকৈ আনৰ পৰা তুলি লোৱাৰ বাবেই সন্তানহালক এনেদৰে তেওঁলোকে পৈশাচিক নির্যাতন চলাই বন্য উল্লাসত মত্ত হৈছিল নেকি? সেয়াও যেন এই মুহূর্তৰ আন এক প্রশ্ণ৷ অৱশ্যে আৰক্ষীয়ে এই সমগ্র ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

প্রাপ্ত তথ্য অনুসৰি, আইভিএফ পদ্ধতিৰে গর্ভধাৰণ কৰি সন্তান জন্ম দিয়া বুলি মিছা মাতি আহিছিল ডাঃ সংগীতা দত্তই৷ সেয়াও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে৷ কিয়নো, তেওঁ কোনোদিনে গর্ভধাৰণ কৰা নাছিল অথবা সন্তান প্রসৱৰ কোনো তথ্যও আৰক্ষীয়ে লাভ কৰা নাই৷ কালি গ্রেপ্তাৰ হোৱা ডাঃ দত্তক আজি স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে তেওঁক পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷ এই সময়ছোৱাত শিশু দুটিক দীর্ঘদিন ধৰি চলাই অহা অকথ্য নির্যাতনৰ আন বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

You might also like