নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ফেব্ৰুৱাৰীঃ পূর্বৰ কংগ্রেছ চৰকাৰৰ আমোলত সংঘটিত আন এক ক’লা অধ্যায় সদনত উন্মোচন হয়৷ সদনৰ প্রশ্নোত্তৰকালত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই দীপৰ বিল সম্পর্কত কৰা এক প্রশ্নৰ উত্তৰ দিবলৈ গৈ পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কংগ্রেছৰ আমোলত সংঘটিত সেই ক’লা অধ্যায় মুকলি কৰে৷ সদনত মন্ত্রী বৰুৱাই কয় যে ১৯৮৮ চনত এজন উপায়ুক্তৰ এখন প্রাৰম্ভিক জাননীৰ জৰিয়তে দীপৰ বিলক বন্যপ্রাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়৷ কিন্তু এইক্ষেত্রত ৰাইজৰ পৰা অহা আপত্তিৰ বাবে ২০০২ চনত চৰকাৰে সেই জাননীখন প্রত্যাহাৰ কৰে৷ তাৰ কেইদিনমান পাছতেই পুনৰ পূর্বৰ উপায়ুক্তৰ জাননীখন বাহাল ৰাখে৷ পৰৱর্তী পর্যায়ত ২০০৮ চনত চূড়ান্ত জাননী জাৰি কৰি দীপৰ বিলক অভয়াৰণ্যৰ মর্যাদা দিয়া হয়৷ এই সম্পর্কত ২০০৯ চনত গেজেট ন’টিফিকেচনো জাৰি কৰে৷ মুখ্যমন্ত্রীৰ অনুমোদন অবিহনে, কেবিনেটৰ অনুমতি অবিহনে এজন মন্ত্রীয়ে এটা স্বাক্ষৰৰ জৰিয়তে দীপৰ বিলক চূড়ান্ত বন্যপ্রাণী অভয়াৰণ্যৰ মর্যাদা দিয়ে৷ মুখ্যমন্ত্রী, কেবিনেটৰ অনুমোদন অবিহনে দীপৰ বিলক বন্যপ্রাণী অভয়াৰণ্যৰ মর্যাদা দিয়াটো ৰহস্যজনক৷ যি স্থানক লৈ মানুহৰ জীৱন–জীৱিকা জড়িত হৈ আছে, ৰাজহ, পর্যটন, মীন আদি বিভাগ জড়িত হৈ আছে, তাত এজন মন্ত্রীৰ স্বাক্ষৰত বন্যপ্রাণী অভয়াৰণ্য ঘোষণা কৰা হ’ল৷ অভয়াৰণ্যখনৰ সীমা নির্ধাৰণতো যথেষ্ট বিসংগতি হোৱাৰ উল্লেখ কৰি তেওঁ কয় যে কিছু লোকৰ ঘৰ-মাটিও সেই অভয়াৰণ্যখনত সন্নিৱিষ্ট কৰা হয়৷ অথচ সেই স্থানেৰে ৰে’লপথো নির্মাণ হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিলক বন্যপ্রাণী অভয়াৰণ্য ঘোষণা কৰাৰ নির্দেশনা বাতিল কৰে৷ সেই অনুসৰি দীপৰ বিলত চৰকাৰে উন্নয়নমূলক কাম-কাজ কৰিব পাৰে৷ কিন্তু তাত কাম কৰিবলৈ গ’লে বন বিভাগৰ পৰা বাধা আহে৷ বন বিভাগৰ যুক্তি– এবাৰ কোনো স্থানক বন্যপ্রাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে সেয়া বাতিল নকৰা পর্যন্ত তেওঁলোকে আন বিভাগক কোনো কাম কৰাৰ অনুমতি দিব নোৱাৰে৷ ইয়াৰ পৰিপ্রেক্ষিততে পর্যটন বিভাগত এতিয়াও দীপৰ বিলৰ বাবে আবণ্টন দিয়া ১৪ কোটি টকা অব্যৱহূত হৈ আছে৷ সদনত মন্ত্রী বৰুৱাই কয় যে চৰকাৰে এখন বন্যপ্রাণী অভয়াৰণ্য সংৰক্ষণৰ নামত উন্নয়ন ব্যাহত হোৱাটো নিবিচাৰে৷ অসম চৰকাৰে এই বিষয়টোক লৈ অচিৰেই কেবিনেটত আলোচনা কৰাৰ লগতে মুখ্যমন্ত্রীৰ অনুমোদনৰ ভিত্তিত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব৷ বিষয়টোক লৈ মুখ্যমন্ত্রীয়েও যথেষ্ট গুৰুত্ব দিছে৷ কাৰণ এই বিষয়টোত অঞ্চলটোত বসবাস কৰা ৰাইজৰ জীৱন-জীৱিকাৰ লগতে পর্যটন বিভাগৰো যথেষ্ট কৰিবলগীয়া কাম আছে৷ দীপৰ বিলক লৈ আগন্তুক বাজেটতো কিছু ভাল খবৰ আহিব বুলি তেওঁ সদনত ব্যক্ত কৰে৷