নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত অব্যাহত বনধ্বংস; জব্দ ৯ খন বাহন

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: অসম-অৰুণাচল সীমান্তত বিস্তৃত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত দীৰ্ঘদিন ধৰি অসম আৰু অৰুণাচল প্ৰদেশৰ একাংশ বনদস্যুয়ে বন ধ্বংস যজ্ঞ অব্যাহত ৰখাৰ খবৰ ওলাই থকাৰ সময়তে যোৱা ২০ জানুৱাৰীৰ নিশা ভাৰতীয় সেনাই উক্ত উদ্যানৰ পৰা চোৰাং ভাৱে বৃহৎ গছৰ কুণ্ডা কাটি অনা অৱস্থাত আঠ খনকৈ ট্ৰাকৰ উপৰি এখন ক্ৰেন জব্দ কৰা ঘটনাই পৰিবেশ কৰ্মী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে অসম অৰুণাচল সীমান্তৰ শুকানজুৰি-নামচাং অঞ্চলত অৰুণাচল প্ৰদেশৰ দেউমালী স্থিত ভাৰতীয় সেনাৰ ১৮ গাৰোৱাল ৰাইফলচৰ কেপ্তেইন সুৰজ ৰাইৰ নেতৃত্বত উগ্ৰপন্থীৰ বিৰুদ্ধে নিয়মীয়া অভিযান চলাই থাকোতে উদ্যান খনৰ পৰা চোৰাং কৈ সৰবৰাহ কৰি থকা অৱস্থাত ৮ খনকৈ কুণ্ডা ভৰ্তি ট্ৰাক আৰু এখন ক্রেন আৰু ৬২ টা বৃহৎ আকাৰৰ হোলোং গছৰ কুণ্ডা জব্দ কৰে। পিছত সেনাই এই বিষয়ে তিৰাপ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিশাখা যাদৱ জনোৱা তথ্যৰ অন্তত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে বনবিভাগৰ দেউমালী সংমণ্ডলক গতাই দিয়ে।

মন কৰিবলগীয়া যে যি সময়ত এখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অতি কম সংখ্যক বন বিষয়া আৰু কৰ্মী থকাৰ সুযোগ লৈ বনদস্যুয়ে উদ্যান খনৰ অভ্যন্তৰত হাতী জেচিবি আদি লৈ দীৰ্ঘদিন ধৰি বন ধ্বংস অব্যাহত ৰাখিছে তেনে সময়তে এইবাৰ এইবাৰ ভাৰতীয় সেনাৰ হাতত এনেদৰে বৃহৎ পৰিমাণৰ কুণ্ডাসহ কুণ্ডা সৰবৰাহত ব্যৱহিত ৯ খনকৈ বাহন জব্দ হোৱা ঘটনাই উদ্যান খনত যে তেতিয়াও দ্ৰুতগতিত বনদস্যুয়ে বন ধ্বংস কৰি আছে তাক নিশ্চিত কৰি তুলিছে।

You might also like