নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত ডেকাৰগাঁও-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছৰ ষ্টপেজৰ শুভাৰম্ভণি

বৃহত্তৰ খৈৰাবাৰীবাসীৰ বাবে আজি পুৱাই আহিল এটা ভাল খবৰ। খৈৰাবাৰীত ডেকাৰগাঁও–গুৱাহাটী ইন্টাৰচিটি ৰেলৰ ষ্টপেজ দিয়াৰ বাবে ৰেল কৰ্তৃপক্ষই অনুমোদন দিয়াৰ পিছতে আজি খৈৰাবাৰীত ৰখোৱা হয় ইন্টাৰচিটি ৰেলখন।

আজি পুৱা ৮.২০ বজাত বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, এম চি এল এ অৰ্জুন দৈমাৰী, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক খগেন নাৰ্জাৰী, ষ্টেচন অধীক্ষক ৰূপকণ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সেউজীয়া পতাকা জোকাৰি ষ্টপেজৰ শুভাৰম্ভণি কৰে।

কামৰূপ এক্সপ্ৰেছ, লাচিত এক্সপ্ৰেছ, ইন্টাৰচিটিকে ধৰি কেইবাখনো ৰেলৰ ষ্টপেজ খৈৰাবাৰীত দিয়াৰ বাবে বৃহত্তৰ খৈৰাবাৰী নাগৰিক মঞ্চ আৰু ষ্টেচন কনছাল্টিং কমিটিয়ে ৰাইজৰ সহযোগত ৰে’ল কৰ্তৃপক্ষ আৰু সাংসদ দিলীপ শইকীয়াৰ ওচৰত দাবী জনাই আহিছিল।

ক’ভিদ পৰিস্থিতিৰ পিছৰে পৰা খৈৰাবাৰী অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে। শেহতীয়াকৈ এই দাবী পূৰণ হোৱাত উৎফুল্লিত হৈ পৰে খৈৰাবাৰীৰ জনতা।

উল্লেখ্য যে ইন্টাৰচিটি ৰেলখন (15816/15815) ডেকাৰগাঁৱৰ পৰা আহি পুৱা ৮.০৩ বজাত খৈৰাবাৰীত উপস্থিত হ’ব। আনহাতে গুৱাহাটীৰ পৰা বিয়লি ৪.৪৫ বজাত যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ৬.৩৬ বজাত খৈৰাবাৰী পাবহি। খৈৰাবাৰীত কামৰূপ এক্সপ্ৰেছ, লাচিত এক্সপ্ৰেছৰ ষ্টপেজ শীঘ্ৰে দিয়াৰ বাবেও দাবী জনায় খৈৰাবাৰীৰ জনসাধাৰণে।

আজি শুভাৰম্ভণি অনুষ্ঠানত বাণিজ্যিক ৰেল পৰিদৰ্শক বিশ্বজিৎ বিশ্বাস, ৰেল আৰক্ষী পৰিদৰ্শক বিপুল শৰণীয়া, প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, বৃহত্তৰ খৈৰাবাৰী নাগৰিক মঞ্চৰ সভাপতি প্ৰীতিশ ৰঞ্জন দেৱ, সম্পাদক দ্বীপেন ডেকা, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক অপূৰ্ব মিত্ৰ, জয়ন্ত চক্ৰৱৰ্তীকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, খৈৰাবাৰী, ১৬ ফেব্ৰুৱাৰী

You might also like