নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰ : অসম সাহিত্য সভাৰ বিশিষ্ট শাখা খৈৰাবাৰী সাহিত্য সভাৰ আতিথ্যত ওদালগুৰি জিলা সাহিত্য সভাৰ এখন কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভা খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত হয় । জিলা সভাপতি গৌৰী শংকৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণী ভাষণ প্ৰদান কৰে খৈৰাবাৰী সাহিত্য সভাৰ সভানেত্ৰী জয়মতী ডেকাই । ‘চিৰ চেনেহী মোৰ ভাষা জননী ‘ শীৰ্ষক বৃন্দগানেৰে আৰম্ভ হোৱা এই প্ৰতিনিধি সভাত বিগত কাৰ্যকালৰ কাৰ্যবিৱৰণী পাঠ কৰে জিলা সম্পাদক নিৰ্মল চন্দ্ৰ নাথে । জিলা সাহিত্য সভাৰ ২০২৩-২৪ বৰ্ষৰ ভূঞাখাত মধ্যকালীন অধিৱেশন, শিল্পী দিৱস উদযাপন, জিলাখনৰ ইতিহাস গ্ৰন্থ প্ৰণয়ন, জীৱনী কোষ প্ৰণয়নকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আজিৰ প্ৰতিনিধি সভাত আলোচনা কৰে। এই বৰ্ষৰ সাহিত্য অকাডেমি বঁটাপ্ৰাপক ওদালগুৰিৰ নন্দেশ্বৰ দৈমাৰীলৈও আজিৰ সভাৰ যোগেদি অভিনন্দন জনায় ওদালগুৰি জিলা সাহিত্য সভাই । আজিৰ প্ৰতিনিধি সভাতে ১৭, ১৮ জানুৱাৰীত ভূঞাখাত সাহিত্য সভা ভৱন প্ৰাংগণত হ’বলগীয়া মধ্যকালীন অধিৱেশনলৈ সকলো শাখা সভাসমূহক তামোল-পাণেৰে আনুষ্ঠানিকভাৱে নিমন্ত্ৰণী শৰাই আগবঢ়ায় ভূঞাখাত সাহিত্য সভাৰ বিষয়ববীয়াসকলে । বিস্তৃত আলোচনাৰ অন্তত সভাই আগন্তুক ভূঞাখাত মধ্যকালীন অধিৱেশনত প্ৰদান কৰিবলগীয়া মহেশ্বৰ কলিতা সোঁৱৰণী বঁটা, ঝগৰু গড় সোঁৱৰণী বঁটা , গংগা ৰাম কছাৰী সোঁৱৰণী বঁটা, পদ্মাৱতী সোঁৱৰণী বঁটা, ওদালগুৰি ৰত্ন ক্ষীতেশ্বৰ শৰ্মা সোঁৱৰণী বঁটাকে ধৰি কেইবাটাও জিলা পৰ্যায়ৰ বঁটাত অনুমোদন জনোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে সভাই । ওদালগুৰি ৰত্ন সন্মানেৰে বিভূষিত ধৰণীধৰ মেধি, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ভদ্ৰকান্ত শৰ্মা, ড° পবিত্ৰ শৰ্মা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কমলেশ্বৰ শৰ্মাকে ধৰি জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগতে শাখা সভাসমূহৰ প্ৰতিনিধিসকল সভাত উপস্থিত থাকে ।
প্ৰেৰক ধীৰেন মহলীয়া