নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধূসৰ দিল্লী : দিল্লীমুখী বিমান বেলেগ বন্দৰলৈ ডাইভাৰ্ট

বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ গুৱাহাটীৰ পৰা দিল্লীলৈ অহা ভিষ্টাৰা এয়াৰলাইন্সৰ বিমান এখন বুধবাৰে ইন্দোৰলৈ বতৰ বেয়াৰ বাবে দিশ সলনি কৰাহয়। বিষয়টোৰ সন্দৰ্ভত বিমান সংস্থাটোৱে কয় যে দিল্লী বিমানবন্দৰৰ বতৰ বেয়া আছিল, সেয়েহে এই ধৰণৰ সিদ্ধান্ত লোৱা হয়। বিমান সংস্থাটোৰ তথ্য অনুসৰি ইন্দোৰত উপস্থিত হোৱাৰ সময় আছিল নিশা ১০.৩০ বজাত। ভিষ্টাৰা এয়াৰলাইন্সে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে যে ইন্দোৰত ১২:০০ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। অধিক আপডেটৰ বাবে লগত থাকক।” ইয়াৰ উপৰি পাটনাৰ পৰা দিল্লী আৰু বেংগালুৰুৰ পৰা দিল্লীলৈ অহা বিমানসমূহো ইন্দোৰলৈ ডাইভাৰ্ট কৰা হৈছিল। লগতে হায়দৰাবাদৰ পৰা দিল্লীলৈ অহা বিমানসমূহ মুম্বাইলৈ আৰু চেন্নাইৰ পৰা দিল্লীলৈ অহা বিমানসমূহ জয়পুৰলৈ ডাইভাৰ্ট কৰা হয়। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰে (২৭ ডিচেম্বৰ) পুৱা ৫.৩০ বজাত দৃশ্যমানতা ভিন্ন বুলি ৰেকৰ্ড কৰা হৈছে। ইফালে সংবাদ সংস্থা এএনআইৰ মতে, মঙলবাৰেও দিল্লীত ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পাইছিল আৰু এই কাৰণতে কমেও ১২খন বিমান জয়পুৰ আৰু লক্ষ্ণৌ বিমানবন্দৰৰ ফালে ডাইভাৰ্ট কৰা হৈছিল। বিমানবন্দৰৰ সূত্ৰ অনুসৰি পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত ১২খন বিমানৰ ভিতৰত ১১খন জয়পুৰ আৰু এখন লক্ষ্ণৌলৈ ডাইভাৰ্ট কৰা হয়। ইয়াৰ পূৰ্বে হায়দৰাবাদৰ বেয়া বতৰৰ বাবে সোমবাৰে পুৱা বেংগালুৰু আৰু মুম্বাইৰ পৰা হায়দৰাবাদলৈ যোৱা ভিষ্টাৰাৰ দুখন বিমান নিজ নিজ প্ৰস্থান ষ্টেচনলৈ উভতি আহিছিল।

You might also like