নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ বলৱৎ কৰাটো বিজেপিৰ প্রতিশ্রুতিৰ অংগ : গৃহমন্ত্ৰী অমিত শ্বাহ

বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ কার্যকৰী হোৱাত কোনেও বাধা দিব নোৱাৰে৷ পশ্চিমবংগত এই হুংকাৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ লোকসভা নির্বাচনৰ প্রাক্ক্ষণত ‘কা’ৰ সপক্ষে সৰৱ হৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এইবুলিও স্পষ্ট কৰে যে নাগৰিকত্ব সংশোধনী আইন কার্যকৰিটো বিজেপিৰ প্রতিশ্রুতিৰ অংগ৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে আইনখনক লৈ বিভ্রান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ তুলি আজি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে তৃণমূল কংগ্রেছক প্রত্যাহ্বান জনাই উল্লেখ কৰে যে ‘কা’ বলৱতৰ ক্ষেত্রত কোনেও প্রতিবন্ধক হ’ব নোৱাৰে, কোনেও ইয়াক বন্ধ কৰিব নোৱাৰে৷ কিয়নো ই দেশৰ আইন৷ উল্লেখ্য যে এইবাৰ লোকসভা নির্বাচনত ২০১৯ৰ নির্বাচনতকৈ অধিক আসন দখলৰ লক্ষ্যৰে বিশেষ প্রস্তুতি চলোৱা বিজেপিয়ে পশ্চিমবংগৰ ৪২খন লোকসভা আসনক লক্ষ্য কৰি লৈছে৷ ইয়াৰ বাবে শাসকীয় দলটোৱে ডিজিটেল প্লেটফর্মেৰে ভোটাৰৰ কাষলৈ যোৱাৰ পৰিকল্পনা প্রস্তুত কৰিছে৷ ৰাষ্ট্রীয় পর্যায়ত ‘সবল’ এপেৰে বুথ পর্যায়ত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা বিজেপিয়ে এই এপৰ জৰিয়তে বুথৰ প্রতিজন কার্যকর্তাৰ সৈতে নিয়মিত যোগাযোগো চলাই আছে৷ এই লক্ষ্যৰে পশ্চিমবংগত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আজি কলকাতাৰ ৰাষ্ট্রীয় পুথিভঁৰালত আয়োজিত দলৰ ছ’চিয়েল মিডিয়া আৰু আইটি শাখাৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ এই বৈঠকতে মমতা বেনার্জীক উদ্দেশ্যি অমিত শ্বাহৰ হুংকাৰ– দিদি, ‘কা’ বলৱৎ হ’বই৷ সমগ্র দেশতে আইনখন বলৱৎ কৰাৰ ক্ষেত্রত বংগ চৰকাৰে কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে৷ সেয়াই নহয়, কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এইবুলিও স্পষ্ট কৰে যে পশ্চিমবংগৰ পৰৱর্তী বিধানসভা নির্বাচনত বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ ইয়াৰ বাবে বিশেষভাৱে প্রস্তুতি চলিছে দলত৷ পশ্চিমবংগৰ বিজেপিৰ মূল ইছ্যু হ’ব অনুপ্রৱেশ ৰোধ, গৰুৰ চোৰাং ব্যৱসায় বন্ধ কৰা আৰু নির্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকসকলক নাগৰিকত্ব প্রদান৷ মন কৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী আইনক লৈ প্রতিবাৰেই পশ্চিমবংগত সৰৱ হৈ আহিছে বিজেপি৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েই হওক বা অমিত শ্বাহেই হওক, পশ্চিমবংগ ভ্রমণত মমতা বেনার্জীক লক্ষ্য কৰি সৰৱ হোৱা বিজেপিৰ ৰাষ্ট্রীয় নেতাসকলে ‘কা’ বলৱৎ কৰাৰ ক্ষেত্রত যথেষ্ট সৰৱ হোৱা পৰিলক্ষিত হৈছে৷ বিজেপিৰ শীর্ষ নেতৃত্বৰ এনে হুংকাৰৰ বিপৰীতে পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইন গৃহীত হ’ব দিয়া নহ’ব বুলি প্রত্যাহ্বান জনাই আছে মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷ মমতা বেনার্জীৰ এনে স্থিতিৰ বিপৰীতে আজি দলীয় সভাত অমিত শ্বাহে কয় যে তৃণমূল কংগ্রেছে একমাত্র ভোটবেংকৰ স্বার্থত ৰাজ্যখনত অনুপ্রৱেশক উচটনি দি আছে৷ যাৰ বাবে মমতা বেনার্জীয়ে ‘কা’ বলৱৎ কৰিব নিবিচাৰে৷ কিন্তু এয়া দিল্লীৰ আইন নহয়৷ আনকি কোনোবাই চেষ্টা কৰিলেও ইয়াক বন্ধ কৰিব নোৱাৰে৷ এই দেশৰ এজন হিন্দু নাগৰিকৰ যিমান অধিকাৰ আছে শৰণার্থীসকলৰো সমানে অধিকাৰ আছে৷ অমিত শ্বাহে আজি ‘কা’ৰ অধিনিয়ম অহা ফেব্রুৱাৰী মাহত প্রস্তুত কৰা হ’ব বুলিও উল্লেখ কৰি সংসদীয় সচিবালয়ত কাম আৰম্ভ কৰিছে বুলিও জানিবলৈ দিয়ে৷ ইফালে অমিত শ্বাহে আজি পশ্চিমবংগত বিজেপিয়ে লোকসভা নির্বাচনত সর্বাধিক আসন দখল কৰিব বুলি স্পষ্ট কৰি কয় যে ৰাজ্যখনৰ ৪২খন লোকসভা আসনৰ ভিতৰত ৩৫খনৰো অধিক লাভ কৰিবলৈ সক্ষম হ’ম৷ নৰেন্দ্র মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰূপে অধিষ্ঠিত কৰাৰ ক্ষেত্রত পশ্চিমবংগত বিজেপিয়ে পূর্বতকৈ অধিক আসন দখলৰ পৰিকল্পনা কৰা বুলিও দলীয় বৈঠকত উল্লেখ কৰে৷ স্মর্তব্য যে ২০১৯ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে পশ্চিমবংগত ১৮খন আসন দখল কৰিছিল৷ এইবাৰ বিজেপিয়ে পশ্চিমবংগক বিশেষ লক্ষ্য কৰি লৈ আৰম্ভ কৰিছে নতুন পৰিকল্পনা৷ এই পৰিকল্পনাৰ অংশস্বৰূপে ৰাজ্যখনত ডিজিটেল প্লেটফর্মেৰে ভোটাৰৰ ওচৰ চপাৰ লক্ষ্য কৰি লৈছে শাসকীয় দলটোৱে৷ ইয়াৰ বাবে ‘কা’ আইন বলৱতৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ দৃঢ়তাক আগত ৰাখি বিজেপিয়ে পশ্চিমবংগত হিন্দু ভোটাৰৰ মন জয়ৰ পৰিকল্পনা কৰিছে৷

You might also like