নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ নৈৰ পানী বহিঃৰাজ্যলৈ নিব দিল্লীয়ে

১৯৮০ চনতে প্রস্তুত কৰা বহু বিতর্কিত নদী সংযোগীকৰণ আঁচনি বাস্তৱায়িত হোৱাৰ দিশে

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ কেন্দ্রৰ অভিলাষী ‘নদী সংযোগীকৰণ আঁচনি’ক লৈ পৰিৱেশবিদসকলে সময়ে সময়ে আশংকা ব্যক্ত কৰি আহিছে৷ অৱশ্যে আঁচনিখনৰ জৰিয়তে দেশৰ খৰাংপীড়িত অঞ্চলসমূহ বিশেষভাৱে লাভান্বিত হ’ব পাৰে বুলিও মত ব্যক্ত কৰিছে একাংশই৷ পিছে কেন্দ্রৰ চকুত অসম হৈছেগৈ উদ্বৃত্ত পানীৰ অৱবাহিকা৷ সেয়েহে পৰিৱেশবিদসকলৰ আশংকাৰ মাজতো বহু বিতর্কিত আঁচনিখনৰ জৰিয়তে অসমৰ নদী গর্ভত থকা উদ্বৃত্ত পানী বহিঃৰাজ্যলৈ বোৱাই নিবলৈ দিল্লীয়ে চূড়ান্ত সিদ্ধান্তত উপনীত হৈছে৷

বৃহস্পতিবাৰে  লোকসভাৰ মজিয়াত কেন্দ্রীয় ৰাজ্যিক জলশক্তি মন্ত্রী বিশ্বেশ্বৰ টুডুৰ এক বিবৃতিতে স্পষ্ট হৈ পৰিছে এই কথা৷ অসমৰ ব্রহ্মপুত্র উপত্যকাৰ উদ্বৃত্ত জলাধাৰ মানস–সোণকোষ নদীৰে পশ্চিমবংগ হৈ বিহাৰলৈ বোৱাই নিয়াৰ বাবে মানস–সোণকোষ–তিস্ত্ নদী সংযোগী আঁচনিৰ সম্ভাব্য প্রতিবেদন (ফিজিবিলিটী ৰিপ’ৰ্ট) প্রস্তুত কৰাৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷ এতিয়া সম্ভাব্য প্রতিবেদনৰ ভিত্তিত বিস্তাৰিত প্রকল্প প্রতিবেদন (ডি পি আৰ) প্রস্তুত কৰি থকা হৈছে৷ উল্লেখ্য যে বিগত ১৯৮০ চনৰ পৰা কেন্দ্রীয় জলসম্পদ মন্ত্রালয়ে (বর্তমান জলশক্তি) ‘নেচনেল পাৰস্পেক্টভ প্লেন’ৰ আধাৰত মুঠ ৩০খন নদী সংযোগীকৰণ আঁচনি হাতত লৈছিল৷ ইয়াৰ ভিতৰত অসমৰ নদীক সামৰি দুখন আঁচনি হাতত লৈছিল৷ কিন্তু যোগীঘোপা–তিস্তা–ফাৰা সংযোগী মানস, তিস্তা আৰু গংগা আঁচনিখন কেইবছৰমান পূর্বে বাতিল কৰিছিল৷ কেন্দ্রীয় জলশক্তি মন্ত্রালয়ে আনুষ্ঠানিকভাৱে প্রকাশ নকৰাত সম্ভাব্য প্রতিবেদনখন এই আঁচনিৰ পক্ষত নাছিল বুলিহে ধাৰণা কৰা হৈছে৷ পিছে মানস–সোণকোষ–তিস্ত্ নদী সংযোগী আঁচনিখন যে বাস্তৱায়িত তথা ৰূপায়ণ কৰা সম্ভৱ, সেয়া সম্ভাব্য প্রতিবেদনত নিশ্চিয়কৈ প্রতিফলিত হৈছে৷ সেয়েহে এই নদী সংযোগ আঁচনিখনৰ এতিয়া বিস্তাৰিত প্রকল্প প্রতিবেদন প্রস্তুত কৰি থকা হৈছে৷ এক কথাত ক’বলৈ গ’লে ১৯৮০ চনতে প্রস্তুত কৰা নদী সংযোগীকৰণ আঁচনিখন বাস্তৱায়িত হোৱাৰ দিশে আগবাঢ়িছে৷ টুডুৱে প্রদান কৰা বিবৃতিৰ পৰাই আজি এই কথা প্রতীয়মাণ হৈছে৷

উল্লেখ্য যে ড০ মনমোহন সিং নেতৃত্বাধীন তদানীন্তন ইউ পি এ চৰকাৰৰ কার্যকালৰ পৰাই যোৱা এক দশকৰো অধিক কাল ধৰি নদী সংযোগী আঁচনিক লৈ সংসদৰ উভয় কক্ষত সাংসদসকলে সময়ে সময়ে প্রশ্ণ উত্থাপন কৰি আহিছে৷ ইমান দিন চৰকাৰে মানস–সোণকোষ–তিস্ত্ নদী সংযোগীকৰণ আঁচনিখনৰ প্রাৰম্ভিক সম্ভাব্য প্রতিবেদন আৰু যোৱা প্রায় এবছৰ ধৰি সম্ভাব্য প্রতিবেদন প্রস্তুত কৰি থকা হৈছে বুলি সদনক অৱগত কৰি আহিছিল৷ পিছে প্রথমবাৰৰ বাবে জলশক্তি মন্ত্রালয়ৰ তৰফৰ পৰা সংসদৰ মজিয়াত প্রকাশ কৰা হ’ল যে এই আঁচনিখনৰ প্রাৰম্ভিক আৰু তাৰ পাছত সম্ভাব্য প্রতিবেদন প্রস্তুত কৰাৰ কাম সম্পন্ন কৰা হৈছে৷ আৰু এই সম্ভাব্য প্রতিবেদনৰ ভিত্তিত এতিয়া বিস্তাৰিত প্রকল্প প্রতিবেদন প্রস্তুত কৰি থকা হৈছে৷ লক্ষণীয়ভাৱে লোকসভাৰ মজিয়াত বিহাৰৰ জনতা দল ইউনাইটেডৰ সাংসদ কৌশলেন্দ্র কুমাৰে উত্থাপন কৰা প্রশ্ণৰ উত্তৰত মন্ত্রী টুডুৱে এয়াও লগতে জনাই দিয়ে যে নদী সংযোগীকৰণ আঁচনিখন কেন্দ্রৰ মোদী চৰকাৰৰ সর্বোচ্চ অগ্রাধিকাৰ প্রদান কৰা এখন আঁচনি৷

You might also like