নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ কামৰূপ জিলা পুনৰ ঘোষণাৰ দাবীত নগৰবেৰাত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা ৩১ আগষ্ট : দক্ষিণ কামৰূপ জিলা গঠনৰ দাবীৰে টুপামাৰী কড়িতলা বজাৰ ক্লাৱৰ উদ্যোগত নগৰবেৰাৰ টুপামাৰীত শতাধিক স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীয়ে কানি প্ৰতিবাদ সাৱস্ত কৰে। শেহতীয়াকৈ বজালী, তামুলপুৰ, বিশ্বনাথ আৰু হোজাই জিলা পুনৰ গঠন কৰাৰ পিছত জাঙুৰ খাই উঠিছে দক্ষিণ কামৰূপবাসীয়ে। বুধবাৰৰ আবেলি টুপামাৰী আৰক্ষী চকী ঘেৰাও কৰি দক্ষিণ কামৰূপ জিলা বাহাল ৰখাৰ দাবীত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সাৱ্যস্ত কৰে জোৰদাৰ প্ৰতিবাদ। “দক্ষিণ কামৰূপ জিলা আমাক লাগিবই, আমাৰ দাবী ন্যায্য দাবী, দক্ষিণ কামৰূপ জিলা বাহাল ৰাখক” আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। উল্লেখ্য যে প্ৰতিবাদকাৰীয়ে টুপামাৰী আৰক্ষীৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like