নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ অসমৰ বয়ন শিল্পৰ এক প্ৰাচীন ইতিহাস আছে। এসময়ত প্ৰতিঘৰ অসমীয়াৰ ঘৰত এসময়ত দুই তিনিখনকৈ তাতঁশাল থকাৰ লগতে অসমীয়া মহিলাই নিশাটোৰ ভিতৰতে সূতা কাটি তাতঁশালত কাপোৰ বৈ নিজ স্বামীক পুৱা যুদ্ধলৈ কাপোৰ পিন্ধায়ো পঠিয়াইছিল। তদুপৰি অসমীয়া গাভৰুৰ তাতঁশালত হাতৰ নিপুনতা দেখি মহাত্মা গান্ধীয়ে তাতঁশালত অসমীয়া গাভৰুৱে সপোন ৰচে বুলি উচ্চ প্ৰসংশাও কৰিছিল। কিন্তু আধুনিকতাৰ পাকচক্ৰত পৰি অসমীয়া সমাজৰ পৰা প্ৰায়ে হেৰাই যাব ধৰিছে তাতঁশাল।আধুনিক কাৰিকৰী প্ৰযুক্তবিদ্যা তাতঁশালত বতমান সংযোগ ঘটিছে যদিও তাতঁশালে পূৰ্বৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। বস্ত্ৰ উৎপাদনত ৰাজ্যখন স্বনিৰ্ভৰশীল হোৱাৰ বাবে ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত শিল্প বিভাগেও অন্যান্য সা সুবিধাৰ লগতে শিপিনীসকলক উচ্চ মানৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।প্ৰশিক্ষণৰ নামত বছৰি লক্ষ লক্ষ টকা খৰচ কৰি আহিছে যদিও খুব কম সংখ্যক শিপিনীয়ে সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। কিন্তু চান্টু সন্দিকৈ নামৰ পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰই কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহন নকৰাকৈ তাতঁশালত নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে। ৰূদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজনৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ নিতাইপুখুৰীৰ দুৱৰীচুকত। মাতৃ পপী সন্দিকৈ কৰ্ম সূত্ৰে জিলাখনৰ মানকটা আলিৰ সমীপৰৰ ৰূদ্ৰসাগৰ জয়ন্তী টেক্সটাইলচ নামৰ বস্ত্ৰ উৎপাদন প্ৰতিষ্ঠানটোত এগৰাকী শিপিনী হিচাপে কৰ্মৰত। জিলাখনৰ ভিতৰত এগৰাকী শ্ৰেষ্ঠ শিপিনীৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা চান্টু সন্দিকৈৰ মাতৃ পুৱাৰ পৰা সন্ধিয়ালৈকৈ তাতঁশালত ব্যস্ত হৈ থাকে। অন্যহাতে মাকে তাতঁশালত ব্যস্ত হৈ থকাৰ সময়ত ছাঁটোৰ দৰে লাগি থকা ছাত্ৰজনে দেখি দেখি সকলোখিনি আয়ত্ত কৰি লোৱাৰ লগতে মাক তাঁতশালৰপৰা আঁতৰি গলে সি সুবিধা বুজি তাতঁ বয়। তাত বোৱা ফুল বছা সকলো কামতে দেখি দেখি পাৰ্গত হৈ উঠা ছাত্ৰজনে জেকাৰ্ডত ৩০ মিনিটতে ১২০টা কাৰ্ডৰ ফুল, কাষৰি আদি সম্পূৰ্ণ কৰি তুলিব পাৰে। অধ্যয়নৰ ক্ষেত্ৰতো মেধাৰ পৰিচয় দিবলৈ সক্ষম হোৱা ছাত্ৰজনে আজৰি সময়ত মাটিৰে বিভিন্ন সামগ্ৰী সাজিও উলিয়ায়। নিজৰ একাগ্ৰহতা, প্ৰতিভাৰ জৰিয়তে অতি নিখুঁতভাৱে গামোচা, চাদৰ আদি বৈ উলিয়াবলৈ সক্ষম হোৱা ছাত্ৰজনে বিভিন্নজনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে আন দহজনৰ বাবে আদৰ্শ হৈ পৰিছে।
প্ৰেৰক মৃগাংক হাজৰিকা