নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ বুদুচৰ সত্ৰত চোৰৰ উপদ্ৰৱ

বাৰ্তা ব্যুৰ, ২১ ছেপ্টেম্বৰঃ বৰপেটাৰ মইনবড়ী সত্ৰৰ পাছত এইবাৰ চোৰৰ হাতোৰা গোৱালপাৰা জিলাৰ বুদুচৰ সত্ৰত। জিলাখনৰ মাটিয়া থানাৰ অন্তৰ্গত ঐতিহাসিক বুদুচৰ সত্ৰত যোৱানিশা চোৰে উপদ্ৰৱ চলাই সোন আৰু ৰূপেৰে নিৰ্মিত দুশ বছৰীয়া ৰাধাকৃষ্ণৰ মুৰ্তিৰ লগতে বহু মুল্যবান সা-সামগ্ৰী লুট কৰি নিয়াৰ ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে। প্ৰাপ্ত তথ্য মতে, নেৰেনেপেৰা বৰষুণৰ সুযোগ গ্ৰহন কৰি চোৰৰ দলে বুদুচৰ সত্ৰৰ  ভিতৰত প্ৰৱেশ কৰে। চোৰে মনিকুটৰ দৰ্জাৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সকলো সা-সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে মুল থাপনাত থকা সোন আৰু ৰূপেৰে নিৰ্মিত দুশ বছৰীয়া ৰাধাকৃষ্ণৰ মুৰ্তিৰ লগতে কাঁহ পিতলৰ বহু মুল্যবান সা-সামগ্ৰী লৈ যায়। ইফালে আজি পুৱা চাকি বন্তি জ্বলাবলৈ সত্ৰলৈ অহা নামঘৰীয়াই মুনিকুটৰ দৰ্জা খোলা দেখি আচৰিত হৈ পৰে৷ পাছত গাঁৱবাসী সত্ৰত উপস্থিত হৈ স্থানীয় মাটিয়া থানাৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ চুৰিকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত হাছানুৰ ৰহমান নামৰ লোক এজনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীৰ৷ ইতিমধ্যে হাছানুৰক লগত লৈ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাইছে৷ হাছানুৰে পূৰ্বে বহু চুৰিকাণ্ড ঘটনাৰ লগত জড়িত আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ইফালে বুদুচৰ অঞ্চলৰ ৰাইজৰ আস্থা, মৰম আৰু বিশ্বাস জড়িত থকা সত্ৰখনৰ ২০০ বছৰীয়া সোন-ৰূপৰে নিৰ্মিত ৰাধা-কৃষ্ণৰ মুৰ্তি চোৰে লৈ যোৱাত মৰ্মাহত হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ। সত্ৰত সকলো সমবেত হৈ নেদেখাজনৰ ওচৰত শৰনাপন্ন হৈ আঠু কাঢ়ি কান্দি কান্দি প্ৰাৰ্থনা কৰে। যাতে প্ৰভু ভগবন্তৰ কৃপাত চোৰে নিয়া ৰাধা-কৃষ্ণৰ মুৰ্তিটো ঘুৰাই পাবলৈ সক্ষম হয়। ৰাইজৰ বিশ্বাস আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ অতিশীঘ্ৰেই চোৰে নিয়া ৰাধা-কৃষ্ণৰ মুৰ্তি উদ্ধাৰ কৰিবলৈ সক্ষম হব। ইতিমধ্যে মাটিয়া আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাইছে বুলি জানিবপৰা গৈছে ৷
প্ৰেৰক উদিত নাৰায়ণ কলিতা
You might also like