নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাওঁ সমষ্টিৰ প্ৰাক্তণ বিধায়িকা , কংগ্ৰেছ নেত্ৰী আৰতি হাজৰিকা কছাৰীৰ অকাল মৃত্যু

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ   পুৱতি  নিশা নিয়তিৰ ওচৰত হাৰ মানিলে দেৰগাওঁ সমষ্টিৰ প্ৰাক্তণ বিধায়িকা ,কংগ্ৰেছ নেত্ৰী আৰতি হাজৰিকা কছাৰীয়ে । নম্ৰ ব্যৱহাৰ , মাত কথাৰে সৰ্বসাধাৰণ লোকৰ আপোন হোৱা কংগ্ৰেছ নেত্ৰী গৰাকীয়ে পুৱতি নিশা ২ বাজি ১৫ মিনিটত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লৈছে । পুৱতি নিশা হঠাৎ অসুষ্ঠ হৈ পৰাত দেৰগাৱঁৰ চৰকাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱতি লয় জেষ্ঠ কংগ্ৰেছ নেত্ৰী গৰাকীয়ে । প্ৰাক্তণ বিধায়িকা গৰাকীৰ মৃত্যুত সমগ্ৰ দেৰগাৱঁতে এতিয়া শোকৰ ছাঁ পৰিছে । ২০১১ ৰ পৰা ২০১৫ চনলৈকে দেৰগাওঁ সমষ্টিৰ বিধায়িকাৰ আসন অলংকৃত কৰা আৰতি হাজৰিকা কছাৰী আছিল  অসম চৰকাৰৰ সংসদীয় সচিব । বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদিকাৰ  দায়িত্বত থকা প্ৰয়াত নেত্ৰী গৰাকী আছিল  একালৰ দেৰগাওঁ নগৰ সমিতিৰ সভানেত্ৰী ।

 

You might also like