নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰিজাত একাডেমীত এন চি চি এলুমনি এছ’চিয়েচনৰ গণৰাজ্য দিৱস পালন

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ সমগ্র দেশৰ লগতে অসমতো গণতন্ত্ৰ দিৱস উদযাপন কৰা হয় বিভিন্ন প্রান্তত। এই উপলক্ষে পামহীস্থিত ভাৰতত ব্যতিক্রমী ব্যৱস্থাৰে শিক্ষাদান কৰা পাৰিজাত একাডেমীত গুৱাহাটী গ্রুপ হেডকোৱাৰ্টাৰ এন চি চিৰ এলুমনি এছ’চিয়েচনয়ে ৭২তম গণৰাজ্য দিৱস উদযাপন কৰে। পুৱা পতাকা উত্তোলন কৰে পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেনে। প্রাক্তন এন চি চিৰ এলুমনি এছ’চিয়েচনৰ সদস্য সকলক শিক্ষক সকলে ফুলাম গামোচাৰে সম্বর্ধনা জনায়। জন্মলগ্নৰে পৰা ব্যতিক্রমী পদ্ধতিৰে আগবঢ়া প্রাক্তন এন চি চিৰ সংগঠনটোৱে গণৰাজ্য দিৱস লগত সংগতি ৰাখি এইবেলি বস্ত্রদান কাৰ্যসূচী। পাৰিজাত একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বস্ত্ৰদান কাৰ্যসূচী  ৰূপায়ন কৰে।
গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি মুকলি ভাষন দিয়ে প্রতিষ্ঠাপক উত্তম টেৰণ লগতে মুখ্য উপদেষ্টা দণ্ডপাণি গৌড়, সন্থাৰ সভাপতি দীপক ছেত্রী, কার্যনির্বাহক সদস্য গালেম নবী কিবৰিয়াই। পাৰিজাত একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলে দলীয় নৃত্য আৰু গীত পৰিবেশন কৰি অনুষ্ঠানটো আকর্ষণীয় কৰি তোলে। শেষত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ গীত পৰিবেশন কৰি অনুষ্ঠান। কাৰ্যসূচী সমাপ্ত কৰা হয় আৰু সন্থাৰ হৈ শলাগৰ শৰাই জ্ঞাপন কৰে অভিষেক গুপ্তাই।

You might also like