নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ বাঘবৰত বিধ্বংসী খহনীয়া

🔹 প্ৰতিদিনেই খহনীয়াৰ কবলত পৰিছে ন ন এলেকা

নিয়মীয়া বাৰ্তা, ১১ জুন : বৰপেটা জিলাৰ বাঘবৰত বৰলুইতৰ কালৰূপ অব্যাহত আছে। প্ৰতিদিনেই বাঘবৰৰ নতুন নতুন অঞ্চল খহনীয়াৰ কবলত পৰিছে । প্ৰতিনিয়ত খহনীয়াত জাহ গৈছে মানুহৰ ঘৰ-দুৱাৰ আৰু খেতিপথাৰ। শেহতীয়াকৈ খহনীয়াৰ কবলত পৰিছে বাঘবৰ ৰাজহ চক্ৰৰ এলেকাধীন পাহাৰপুৰ, যাদৱপুৰ আৰু হাবিদংৰা অঞ্চল । ইফালে, খহনীয়াৰ বিধ্বংসী ৰূপে বাঘবৰৰ সত্ৰকনৰাত বাঘবৰ-বহৰি সংযোগী মথাউৰিৰ কিছু অংশ খহাই নিছে । অৱশ্যে জলসম্পদ বিভাগে প্ৰতিৰোধী ব্যৱস্থাৰে মথাউৰিটো সম্পূৰ্ণ ছিগাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বিজ্ঞানসন্মতভাৱে খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে আগন্তুক বাৰিষাত মথাউৰিটো ছিগি যোৱাৰ আশংকা কৰিছে ৰাইজে। বাঘবৰ ৰাজহ চক্ৰৰ এলেকাধীন গাঁওসমূহত হোৱা প্ৰবল খহনীয়া প্ৰতিৰোধত কিন্তু এতিয়াও ভ্ৰূক্ষেপ নাই স্থানীয় জনপ্ৰতিনিধিসকলৰ। জনপ্ৰতিনিধিয়ে খহনীয়া ৰোধ কৰাত পিঠি দিয়াৰ অভিযোগ। সেয়ে আগবাৰিষাত লুইতৰ খহনীয়াৰ এই বিধ্বংসী ৰূপক লৈ এতিয়া যথেষ্ট শংকিত হৈ পৰিছে নৈপৰীয়া ভুক্তভোগী ৰাইজ। সেয়ে শীঘ্ৰেই লুইতৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে নৈপৰীয়া গঞাই।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like