নিয়মীয়া বাৰ্তা, ২৬ অক্টোৱৰ : আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষৰ উদ্যোগত আৰু গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহযোগত আজি চিলাৰায় মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ লক্ষ্য আৰু নিখুঁততা সন্দৰ্ভত এক গাম্ভীৰ্যপূৰ্ণ কাৰ্য্যসুচী অনুষ্ঠিত হয়। উক্ত কাৰ্য্যসুচীত মুখ্য বক্তাৰুপে উপস্থিত থাকে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা প্ৰাপ্ত সাহিত্যিক, সুবক্তা, স্বামী বিবেকানন্দ তথা ঋষি অৰবিন্দৰ অনুগামী দিগন্ত বিশ্ব শৰ্মা । বৈদিক মন্ত্ৰৰে বক্তৃতাৰ আৰম্ভণি কৰি শৰ্মাই ব্যক্তিত্ব বিকাশ তথা জীৱনৰ নিখুঁত লক্ষ্য সন্দৰ্ভত তথ্যগধুৰ বক্তব্যৰে অনুষ্ঠানত উপস্থিত সচেতন ব্যাক্তি, মহাবিদ্যালয়, শিক্ষক সমাজ তথা ছাত্ৰ-ছাত্ৰীসকলক মনোমুগ্ধ কৰে। গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ভাৰত ভূষণ মহান্তি, স্থানীয় সমাজকৰ্মী প্ৰেমসুখ শেঠীয়াকে ধৰি মহাবিদ্যলয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী বৌদ্ধিক অনুষ্ঠানটোত উপস্থিত থাকে।