নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ থীম ছং-মাৰ্চিং টিউনৰ শুভাৰম্ভ ডিজিপিৰ

✅খেলুৱৈক উদ্বুদ্ধ কৰা থীম ছঙৰ কথা-সুৰ ডিআইজি পাৰ্থসাৰথি মহন্তৰ

✅১৫ ফেব্ৰুৱাৰীত মুকলি হৈছিল স্পৰ্টছ মীটৰ থীম ছং

গুৱাহাটী, ২১ ফেব্ৰুৱাৰীঃ অসম আৰক্ষী ক্ৰীড়া উৎসৱ-২০২৪ত খেলুৱৈক উৎসাহ আৰু উদ্বুদ্ধ কৰিবলৈ মুকলি হোৱা থীম ছং আৰু আৰক্ষীৰ মাৰ্চিং টিউনে বিশেষ চৰ্চা লাভ কৰিছে। দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীত আজি সামৰণি পৰা ক্ৰীড়া উৎসৱত বাজি উঠা এই থীম ছঙে সমগ্ৰ অনুষ্ঠানটোৰ পৰিৱেশ সলনি কৰে। শীৰ্ষ আৰক্ষী বিষয়া, অংশগ্ৰহণকাৰী খেলুৱৈৰ উপস্থিতিত আজি পৰিৱেশিত হোৱা থীম ছং আৰু অসম আৰক্ষীৰ মাৰ্চিং টিউনৰ দুয়োটাৰ সৃষ্টিৰ লগত জড়িত সকলো শিল্পীলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বিশেষ অভিনন্দন জ্ঞাপন কৰে।

প্ৰায় এটা দশকৰ পিছত আৰক্ষী ক্ৰীড়া উৎসৱত পৰিৱেশিত এই থীম ছঙে খেলুৱৈসকলক উদ্বুদ্ধ কৰাৰ লগতে বিশেষ আকৰ্ষণৰ সৃষ্টি কৰে। থীম ছংটোৰ মূল বিষয়বস্তু হৈছে অনুপ্ৰাণিত কৰা চেষ্টা। একতা আৰু খেলুৱৈক উদ্বুদ্ধ কৰাৰ এক প্ৰতিশ্ৰুতি। উল্লেখ্য যে থীম ছঙৰ কথা-সুৰ আৰক্ষী উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তৰ। গীতটোত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, জয় বৰুৱা, অভিশ্ৰুতি বেজবৰুৱা আৰু প্ৰিয়ংকা ভৰালীয়ে। ৰূপপেখা দাস, স্বৰাজ দাস আৰু মানস বড়োৱে পাৰ্শ্ব কণ্ঠ সংগত কৰিছে। খোল, তাল আৰু পাৰ্কাচনৰ নেতৃত্বত আছিল ৰাজা বৰুৱা, গীটাৰ সংগত ৰিছিমণি দাসৰ। আনহাতে অসম পুলিচৰ মাৰ্চিং টিউনৰ গীতৰ কথাও পাৰ্থসাৰথি মহন্তৰ। সুৰ জুবলী বৰুৱাৰ। দীপকেশ বৰগোহাঁইৰ প্ৰগ্ৰেমিং, ডনী হাজৰিকাৰ মিক্সিং-মাষ্টাৰিং। কণ্ঠ জুবলী বৰুৱা, মানস বড়ো, ৰূপপেখা দাস আৰু স্বৰাজ দাসৰ। ৰাজা বৰুৱাৰ পাৰ্কাচন আৰু গীটাৰ সংগত ৰিছিমণি দাসৰ। আজিৰ এই অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্ৰধান জি. পি. সিঙে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়াৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়া, অংশগ্ৰহণকাৰী খেলুৱৈ, প্ৰশিক্ষাৰ্থী আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে। উল্লেখ্য যে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ১৫ ফেব্ৰুৱাৰীত অসম আৰক্ষী স্পৰ্টছ মীটৰ থীম ছংটো মুকলি কৰা হৈছিল।

You might also like