নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পুটিনৰ শত্রুৰ ৰহস্যজনক মৃত্যু

দীর্ঘদিন ধৰি ইউক্রেইন যুদ্ধক কেন্দ্র কৰি উত্তপ্ত হৈ আছে ৰাছিয়া৷ এইবাৰ ৰাছিয়াত পুনৰ ক্ষোভৰ উদ্গীৰণ ঘটিছে ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ কট্টৰ সমালোচক আলেক্সেই নাভালনিৰ কাৰাগাৰত মৃত্যুৰ ঘটনাক লৈ৷ পুটিন ক্ষমতালৈ অহাৰ পিছৰে পৰা ৰাছিয়াত বিৰোধী ৰাজনীতিক আলেক্সেই নাভালনিয়ে প্রতিবাদৰ নতুন যাত্রা আৰম্ভ কৰিছিল৷ ৪৭ বছৰীয়া নেতাগৰাকীয়ে প্রবল প্রতাপী পুটিনৰ সন্মুখত সৃষ্টি কৰিছিল প্রত্যাহ্বানৰ প্রাচীৰ৷ পূর্বৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত ৰাছিয়াৰ ৰাজনীতিয়ে নতুন মোৰ লাভ কৰে৷ বিশ্বৰ অন্য দেশৰ দৰে শাসন ব্যৱস্থা দেশখনত প্রৱর্তন নহ’ল৷ সমাজতান্ত্রিক গাঁথনিৰ ৰাছিয়াৰ বুকুৰ পৰা স্বৈৰতন্ত্রৰ নতুন সংস্কৰণ সৃষ্টি কৰে পুটিনে৷ অৱশ্যে ক্ষমতাশালী দুর্গবোৰক ছোভিয়েট ইউনিয়নৰ দৰেই পুটিনে প্রত্যাহ্বান জনাই আহিছে৷ বিভিন্ন দেশৰ সম্পদ লুণ্ঠনৰ বাবে আমেৰিকা আৰু ইউৰোপীয় নব্য সাম্রাজ্যবাদী পদ্ধতিক পুটিনে ছোভিয়েট ইউনিয়নৰ সামাজিক সাম্রাজ্যবাদী দৃষ্টিভংগীৰেই প্রত্যাহ্বান জনাই আহিছে৷ গতিকে পুটিন এফালে স্বৈৰাচাৰী আৰু একনায়ক হ’লেও বিভিন্ন দেশৰ দৃষ্টিত পুঁজিবাদৰ শত্রু হিচাপে চিহ্ণিত হৈ আহিছে৷ কিন্তু ৰাছিয়াৰ অভ্যন্তৰত সৃষ্টি হোৱা চৰম অৰাজকতা আৰু আর্থিক বৈষম্যৰ ছবি উন্মোচন কৰি দিয়ে নাভালনিয়ে৷ সেইবাবে নাভালনি হৈ পৰে মস্কো প্রশাসনৰ আটাইতকৈ ডাঙৰ শত্রু৷ ৰাষ্ট্রৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ বাবেই নাভালনিক বিভিন্ন ভুৱা গোচৰত দোষী সাব্যস্ত কৰা হয়৷ ইখনৰ পিছত সিখন কাৰাগাৰত নিক্ষেপ কৰা হয় নেতাগৰাকীক৷ নাভালনিৰ সমর্থকসকলৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ নতুন নতুন গোচৰ জাপি দিয়ে পুটিন প্রশাসনে৷ আনকি ৰাছিয়াৰ আটাইতকৈ কুখ্যাত নার্ভ এজেণ্টৰ জৰিয়তে ৰাসায়নিক আক্রমণ চলাই নাভালনিক হত্যাৰো চেষ্টা চলোৱা হয়৷ ইয়াৰ পিছতো নাভালনি থমকি ৰোৱা নাছিল৷ জার্মানীত গৈ চিকিৎসা গ্রহণ কৰি পুনৰ ৰাছিয়ালৈ ঘূৰি আহে প্রতাপী পুটিনৰ এই দুর্ঘোৰ শত্রু নাভালনি৷ লগে লগে নাভালনিক ৰাষ্ট্রবিৰোধী কাম–কাজৰ গোচৰত গ্রেপ্তাৰ কৰি নবছৰ কাৰাদণ্ড বিহা হয়৷ অকল সেয়াই নহয়, ইউক্রেইনৰ বিৰুদ্ধে পুটিনে অনৈতিক যুদ্ধ আৰম্ভ কৰা বুলি নাভালনি আৰু তেওঁৰ সমর্থকসকলে ৰাছিয়া উত্তাল কৰাৰ লগে লগে এই নেতাগৰাকীৰ বিৰুদ্ধে সন্ত্রাসবাদী সংগঠন জন্ম দিয়া আৰু সন্ত্রাসবাদক পুঁজি যোগান ধৰা গোচৰ জাপি দিয়া হয়৷ এই গোচৰত নাভালনিক দোষী সাব্যস্ত কৰি পুনৰ ১৯ বছৰ কাৰাদণ্ড বিহা হয়৷
সকলো ঠিকেই আছিল৷ কিন্তু দুমাহ পূর্বে নাভালনিক ৰুছ প্রশাসনে অজ্ঞাত স্থানৰ কাৰাগাৰলৈ প্রেৰণ কৰে৷ নাভালনিৰ অধিবক্তা আৰু সমর্থকসকলে বহু চেষ্টা কৰি এই কথা জানিবলৈ সক্ষম হয় যে দুর্গম ছাইবেৰিয়াৰ এখন কুখ্যাত পোতাশালত নাভালনিক ৰখা হৈছে৷ এই পোতাশালতে যোৱা সপ্তাহত ৰহস্যজনকভাৱে নাভালনিৰ মৃত্যু হয়৷ ৰুছ ফেডাৰেল কাৰাগাৰ কর্তৃপক্ষই নাভালনিৰ হূদৰোগত মৃত্যু হোৱা বুলি ঘোষণা কৰে যদিও আজিলৈকে নেতাগৰাকীৰ মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰা নাই৷ সাধাৰণতে কাৰাগাৰত কোনো বন্দীৰ মৃত্যু হ’লে ৰাছিয়াৰ ফৰেনছিক বিভাগৰ গৱেষণাগাৰলৈ সেই মৃতদেহ প্রেৰণ কৰা হয়৷ কিন্তু নাভালনিৰ মৃতদেহ হাস্পতালৰ মর্গলৈহে প্রেৰণ কৰিছে ৰুছ প্রশাসনে৷ ইফালে নাভালনিৰ মৃত্যুৰ ঘটনাক লৈ ৰাছিয়াজুৰি শোক পালন কৰা বহু লোকক প্রশাসনে গ্রেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰিছে৷ এই ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে অধিক ৰহস্য৷ আমেৰিকাসহ বিভিন্ন দেশে নাভালনিক পুটিনে হত্যা কৰা বুলি অভিযোগ আনিছে৷ শেহতীয়াকৈ এই চর্চাও চলিছে যে নাভালনিৰ ক্ষত–বিক্ষত মৃতদেহ ছাইবেৰিয়াৰ হাস্পতালৰ মর্গত ৰখা হৈছে যদিও তেওঁৰ পত্নী আৰু মাতৃক এই মৃতদেহ চাবলৈ অনুমতি দিয়া হোৱা নাই৷ ইয়াৰ বিপৰীতে ৰুছ প্রশাসনে নাভালনিৰ মৃত্যুৰ তদন্ত সন্দর্ভত দুসপ্তাহ সময় লাগিব বুলি ঘোষণা কৰিছে৷ গতিকে দুসপ্তাহ পিছতহে পৰিয়ালক মৃতদেহ গতাই দিয়া হ’ব বুলি ঘোষণা কৰিছে প্রশাসনে৷ ইয়াৰ লগে লগে সমগ্র ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ যিমানেই প্রশাসনে নাভালনিৰ মৃতদেহ গোপন কৰিবলৈ লৈছে, সিমানেই ৰাছিয়াৰ অভ্যন্তৰত পুটিনবিৰোধী বিক্ষোভৰ জুইকুৰা দাওদাওকৈ জ্বলি উঠিছে৷ এয়াই হয়তো হ’ব পাৰে পুটিনৰ ক্ষমতাৰ শ্মশান যাত্রাৰ আৰম্ভণি৷

You might also like