নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদলিকৃত-পদোন্নতিপ্ৰাপ্ত আৰক্ষীক শীঘ্ৰে ৰিলিজৰ নিৰ্দেশ ডিজিপিৰ

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ বদলি–পদোন্নতিৰ পাছতো অধিকাংশ আৰক্ষী বিষয়াই বদলিকৃত স্থানত যোগদান নকৰাত অসম আৰক্ষীত চলিছে বিশৃংখল পৰিস্থিতি। এনে পৰিৱেশ শাম কটাবলৈ স্থিতি লৈছে অসম আৰক্ষীৰ মুখ্য কার্যালয়ে৷ কালি অসম আৰক্ষীৰ মুখ্য কার্যালয়ে প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ পত্র প্রেৰণ কৰাৰ পাছতহে পোহৰলৈ আহিছে আৰক্ষী বিভাগৰ এই বৃহৎ বেমেজালি৷ যোৱা ২৯ আগষ্টত অসম আৰক্ষীৰ ৯৫গৰাকী পৰিদর্শক (ইউবি/এবি) পর্যায়ৰ বিষয়াক পদোন্নতি দিছিল অসম আৰক্ষীয়ে৷ একেদৰে ১২৯গৰাকী (ইউবি) উপ–পৰিদর্শকক পৰিদর্শক পদলৈ পদোন্নতি দিয়া হৈছিল৷ তদুপৰি ৫১জন উপ–পৰিদর্শক (ইউবি)ক ১৪ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত বদলি কৰা হৈছিল৷ কিন্তু ইমানখিনি বিষয়াৰ বদলি আৰু পদোন্নতিৰ পাছতো অধিকাংশই নির্ধাৰিত স্থানত যোগদান নকৰাত বর্তমান সৃষ্টি হৈছে বেমেজালিৰ৷ উল্লেখ্য যে ৯৫গৰাকী পৰিদর্শকক উপ–অধীক্ষক অথবা এছডিপিঅ’, সহকাৰী কমাণ্ডেণ্টৰ দৰে শীর্ষ পদবীলৈ পদোন্নতি দিয়া হৈছিল৷ অসম আৰক্ষীৰ নিয়ম মতে যিকোনো এগৰাকী বিষয়াই পদোন্নতি পোৱাৰ পাছতে পূর্বৰ স্থানৰ পৰা আন স্থানলৈ বদলি হোৱাটো বাধ্যতামূলক৷ কিন্তু অধিকাংশই বদলিৰ নির্দেশ পোৱাৰ পাছতো আজিলৈকে কার্যনির্বাহ কৰি থকা জিলাসমূহৰ আৰক্ষী অধীক্ষকে অব্যাহতি পত্র নিদিয়াত নির্দিষ্ট স্থানত যোগদান নকৰাৰ বাবে এতিয়া বহু খেলিমেলিৰ সৃষ্টি হৈছে৷ যাৰ ফলত বেটেলিয়ন বা জিলাৰ আৰক্ষী প্রশাসনেই হওক কনিষ্ঠ বিষয়া অবিহনেই পৰিচালিত হ’বলগীয়া হৈছে৷ এই অৱস্থাৰ বাবে বহু জিলাত গোচৰ, তদন্তকে ধৰি আইন–শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণতো একপ্রকাৰ বাধাৰ সৃষ্টি হৈছে৷ জিলা আৰক্ষী অধীক্ষকসকলৰ এনে অৱহেলাসূচক পদক্ষেপৰ বাবে অসম আৰক্ষীৰ মুখ্য কার্যালয়ে বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈ পৰিছে৷ অহা এসপ্তাহৰ ভিতৰত পদোন্নতিপ্রাপ্ত অথবা বদলিৰ নির্দেশ পোৱা এনে বিষয়াসকলক কর্মৰত জিলাসমূহৰ পৰা অব্যাহতি দি অতিশীঘ্রেই নির্দেশ অহা স্থানলৈ প্রেৰণৰ বাবে কঠোৰ নির্দেশনা জাৰি কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে৷ ইয়াৰ পাছতো যদি সংশ্লিষ্ট জিলা অধীক্ষকে বিষয়াসকলক পদোন্নতি বা বদলি কৰা জিলাবোৰলৈ যোৱাৰ বাবে অব্যাহতি নিদিয়ে তেতিয়াহ’লে অসম আৰক্ষীৰ মুখ্য কার্যালয়ে এইক্ষেত্রত কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হ’ব বুলি নির্দেশনাটোত উল্লেখ কৰা হৈছে৷

You might also like