নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূত বাংলাত পৰিণত কোটিটকীয়া ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰ

🔹 দুবছৰে কেন্দ্ৰটোত পদধূলা নপৰিল বিভাগীয় বিষয়া-কৰ্মচাৰীৰ

নিয়মীয়া বার্তা, ৫ মাৰ্চ : ভূত বাংলাত পৰিণত হৈছে এক কোটিটকীয়া ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰ। কৃষ্টি-সংস্কৃতিৰ চৰ্চা-গৱেষণা আৰু ঢকুৱাখনাৰ বৰ্ণময় সকলো লোক-সাংস্কৃতিক তথ্য উপলব্ধ কৰি তোলাৰ লক্ষ্য আৰু উদ্দেশ্যৰে স্থাপন কৰা ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰৰ জৰাজীৰ্ণ-অৱহেলিত ছবিয়ে সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলা আৰু স্থানীয় প্ৰশাসনৰ চৰম অমনোযোগিতাৰ বাবে বৰ্তমান পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে দুবছৰ আগতে চৰকাৰী ধনেৰে নিৰ্মাণ কৰা সাংস্কৃতিক কেন্দ্ৰটো৷ লোকসংস্কৃতিৰ বৰঘৰস্বৰূপ ঢকুৱাখনাৰ চহকী লোক-কলা, লোক-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণ কৰাৰ লক্ষ্য আগত লৈ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ প্ৰায় এক কোটি টকা ব্যয়ৰে ঢকুৱাখনা নগৰৰ ব্লক চাৰিআলিস্থিত জিলা পুথিভঁৰালৰ সমীপত স্থাপন কৰা হৈছিল ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰ। ২০২২ চনৰ ৩১ অক্টোবৰত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, তদানীন্তন ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাৰ উপস্থিতিত ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই উদ্বোধন কৰিছিল ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰ। কিন্তু মুকলিৰ দুটা বছৰ সম্পূৰ্ণ কৰাৰ পাছতো এবাৰো কেন্দ্ৰটোত পদধূলা নপৰিল বিভাগীয় বিষয়া-কৰ্মচাৰীৰ। যাৰ বাবে এতিয়া ভূত বাংলাত পৰিণত হৈছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনস্থ গুৰুত্বপূৰ্ণ সাংস্কৃতিক কেন্দ্ৰটো। পৰিতাপৰ বিষয় যে আটকধুনীয়াকৈ নিৰ্মাণ কৰা কেন্দ্ৰটোত দুটা বছৰে নিযুক্তি দিয়া নহ’ল এজনো কৰ্মচাৰী।ৰাইজৰ পৰিৱৰ্তে ঠিকাদাৰ লাভৱান হোৱা সাংস্কৃতিক কেন্দ্ৰটোত আজিলৈকে চৰ্চা নহ’ল লোক-সংস্কৃতিৰ, অনুষ্ঠিত নহ’ল কোনো সাংস্কৃতিক কাৰ্যসূচী। সংৰক্ষণ নহ’ল কোনো সংস্কৃতিৰ লগত জড়িত সামগ্ৰী। বিভাগীয় কৰ্তৃপক্ষৰ চৰম অমনোযোগিতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই বিগত দুটা বছৰে ডাঠ হাবি–জংঘলেৰে আৱৰি ধৰা কেন্দ্ৰটোৰ গৃহ সম্প্ৰতি অসামাজিক কাম-কাজৰ ৰম্যভূমিত পৰিণত হোৱাৰ অভিযোগ আনিছে ৰাইজে। ৰাজকোষৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হোৱা কেন্দ্ৰটোৰ মূল গৃহটো জহি-খহি যোৱাৰ লগতে বিভাগীয় লোকৰ অযত্নপালিত হৈ সম্প্ৰতি এৰাবাৰীত পৰিণত হৈ পৰিছে। বৰ্তমান হাবি-জংঘলে আৱৰি ধৰা এই কেন্দ্ৰটোত লোক-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ পৰিৱৰ্তে গৰু-ছাগলীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে। কেন্দ্ৰটোৰ এনে অৱস্থাত খবৰ ল’বলৈও আহৰি নাই বিভাগৰ বিষয়া-কৰ্মচাৰী অথবা স্থানীয় প্ৰশাসনৰ। ইতিমধ্যে কেন্দ্ৰটোৰ পৰা হৰলুকী হৈছে বহু গুৰুত্বপূৰ্ণ বৈদ্যুতিক যন্ত্ৰপাতি, আচবাব পত্ৰ। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দুবছৰ পিছতেই চৰকাৰী গুৰুত্বপূৰ্ণ কেন্দ্ৰটো চকুৰ আগতে তিলতিলকৈ ধ্বংসৰ মুখলৈ গতি কৰাৰ পাছতো ঢকুৱাখনা সম-জিলা প্ৰশাসন অথবা লখিমপুৰ জিলা সাংস্কৃতিক বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক সাংস্কৃতিক কেন্দ্ৰটো কাৰ্যক্ষম কৰি কৃষ্টি-সংস্কৃতিৰ চৰ্চা-গৱেষণা আৰু প্ৰচাৰ-প্ৰসাৰত গতিশীলতা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে।

প্ৰেৰক পুলকজ্য়োতি বৰা

You might also like