🔹 ‘কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে জীৱনৰ লক্ষ্যত উপনীত হ’ব পাৰি’
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চ : “চেষ্টাৰ অসাধ্য একো নাই। লক্ষ্য স্থিৰ কৰি একাগ্ৰতাৰে আগবাঢ়ি গ’লে জীৱনত সফল হোৱাটো নিশ্চিত। পৰিশ্ৰম নকৰিলে সফলতা কেতিয়াও দুৱাৰ মুখলৈ নাহে।”- আজি ঢকুৱাখনাৰ গোহাঁইবাৰী মজলীয়া বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰে হোৱা এক অন্তৰংগ আলাপত এই মন্তব্য কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তদশ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তৃতীয় স্থানপ্ৰাপ্ত তথা ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তই। ঢকুৱাখনা শিক্ষা বিভাগৰ উদ্যোগত, প্ৰেছ গীল্ড, ঢকুৱাখনা আৰু গোহাঁইবাৰী মজলীয়া বিদ্যালয়ৰ সহযোগত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত অসম অসামৰিক সেৱাৰ বিষয়া গৌৰাংগ দত্তই কয়- পৰিশ্ৰম অবিহনে পৰিৱৰ্তন নহয়, সফলতা নাহে আৰু সফলতাৰ দুৱাৰডলিত উপনীত হ’ব নোৱাৰে।কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে জীৱনৰ লক্ষ্যত উপনীত হ’ব পাৰি বুলি মন্তব্য কৰি দত্তই লগতে আৰু কয় যে নিষ্ঠা, সততা, একাগ্ৰতাৰে আগবাঢ়িলে নিশ্চিতভাৱে বাঞ্চিত ফলাফল লাভ কৰিব পাৰি। পৃথিৱীত সকলো কামেই সম্ভৱ। কেৱল একাগ্ৰতা আৰু সাধনা লাগে। মাধ্যম কেতিয়াও জীৱনৰ সফলতাৰ অন্তৰায় হ’ব নোৱাৰে বুলিও শিক্ষাৰ্থীসকলক পৰামৰ্শ প্ৰদান কৰি বিষয়াগৰাকীয়ে পুনৰ কয়- “মাধ্যম কেতিয়াও উন্নতিৰ অন্তৰায় হ’ব নোৱাৰে। মাতৃভাষাৰেও বিশ্ব জয় কৰিব পাৰি।” প্ৰসংগক্ৰমে তেওঁ পুনৰ কয় যে আজিৰ প্ৰতিযোগিতাৰ ডিজিটেল ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ হ’লে অধ্যয়নৰ উপৰি আনুষংগিক বিষয়ত জ্ঞান অৰ্জন কৰিব লাগিব । ছাত্ৰ-ছাত্রীসকলে কোনো ক্ষেত্ৰত হীনমন্যতাত ভুগি সময় অপব্যয় কৰিব নালাগে। ঢকুৱাখনা শিক্ষা বিভাগৰ হৈ শিক্ষক হেমন্ত কুমাৰ বৰুৱা, বিদ্যুৎ চমুৱা আৰু এনিশা বুঢ়াগোহাঁইয়ে আঁত ধৰা আৰু ঢকুৱাখনা মহকুমাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক সৌৰভ বৰফুকন উপস্থিত থকা অন্তৰংগ আলাপ অনুষ্ঠানৰ মাজতে শিক্ষাৰ্থীসকলৰ কেতবোৰ প্ৰশ্নৰো সমিধান দিয়ে অসম অসামৰিক সেৱাৰ বিষয়া গৌৰাংগ দত্তই। ইয়াৰ পূৰ্বে বিষয়াগৰাকীৰ লগতে ঢকুৱাখনা মহকুমাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক সৌৰভ বৰফুকনক ফুলাম গামোচা, চেলেং চাদৰেৰে আদৰণি জনায় গোহাঁইবাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্বর্ণলতা গগৈ চমুৱা আৰু প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সভাপতি তোলন চন্দ্ৰ দত্ত আৰু সম্পাদক পুলকজ্যোতি বৰাই। অনুষ্ঠানত প্ৰেছ গীল্ড, ঢকুৱাখনাৰ গৰিষ্ঠসংখ্যক বিষয়ববীয়া, কেইবাখনো বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী,স্থানীয় শিক্ষাসদী ৰাইজ উপস্থিত থাকে।
প্ৰেৰক পুলকজ্যোতি বৰা