নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰিনামৰ ধ্বনিৰে গুঞ্জৰিত ঢকুৱাখনাৰ নেমুটেঙানী অঞ্চল

🔹 অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ লগত সংগতি ৰাখি উলিওৱা হ’ল ভাগৱত শোভাযাত্ৰা

নিয়মীয়া বাৰ্তা, ১১ মার্চ : ”হৰি নাম ৰসে, বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী। শ্ৰীমন্ত শংকৰে, পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি” আদি গুৰু বন্দনা, নামৰ লহৰ, কীৰ্তন ভাগৱতৰ ছন্দ, খোল-তাল, নাগাৰা, ডবা-কাঁহৰ ধ্বনি, জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আৰু হৰিনামৰ সুললিত সুৰে সোমবাৰে ঢকুৱাখনাৰ নেমুটেঙানী অঞ্চলৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।ঐতিহ্যমণ্ডিত টিয়কীয়া নামঘৰত নেমুটেঙানী বৈদিক সনাতন ধর্মালোচনী সভাৰ উদ্যোগত আজিৰে পৰা আঠদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ অনুষ্ঠান।এই উপলক্ষে পুৱা ঊষা-কীৰ্তন, স্বচ্ছ অভিযানৰ অন্তত উলিওৱা হয় এক বৰ্ণিল ভাগৱত শোভাযাত্ৰা। অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰকল্প বিষয়া নৰেন পাৱে উদ্বোধন কৰে এই বৰ্ণিল ভাগৱত শোভাযাত্ৰা। উদ্বোধনী ভাষণত পাৱে আধ্যাত্মিক চিন্তা আৰু ধৰ্মীয় অনুষ্ঠানে মানুহৰ মাজত ঐক্য-সংহতি বৃদ্ধি কৰাৰ লগতে যুৱপ্ৰজন্মৰ মানসিকতা সলনি হোৱাত সহায় কৰে বুলি মন্তব্য কৰে।আধুনিকতাৰ ধামখুমীয়াত ব্যস্ত হৈ থকা যুৱচামক গুৰুজনাৰ অমিয়া কৃষ্টি-সংস্কৃতিৰ মাজলৈ টানি অনাৰ ইতিবাচক লক্ষ্যৰে উলিওৱা শোভাযাত্ৰাটিয়ে প্ৰায় ৪ কিলোমিটাৰ অঞ্চল পৰিভ্ৰমণ কৰি হৰিনামৰ ধ্বনিৰে জীপাল কৰি তোলে। টিয়কীয়া নামঘৰৰ বাকৰিৰ পৰা উলিওৱা এই শোভাযাত্ৰাত সমগ্ৰ নেমুটেঙানী অঞ্চলৰ শিশুৰ পৰা আবাল, বৃদ্ধ, বনিতালৈ সকলোৱে ভাগ লৈ হৰিনাম কীৰ্তনেৰে আত্মবিভোৰ হৈ পৰে। শ্ৰৱণ-কীর্তন, স্মৰণ-মনন আদিৰ জৰিয়তে সমাজত ভক্তি ভাব বোৱাই সকলোৰে মনত আধ্যাত্মিকতাৰ চেতনাৰে ভগৱত প্ৰেমত আপ্লুত কৰাই বিশ্বত শান্তিৰ বাতাবৰণ কঢ়িয়াই অনাৰ মানসেৰে অহা ১৮ মার্চলৈকে অনুষ্ঠিত কৰা এই অবিৰত ভাগৱত পাঠ অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ভকত-বৈষ্ণবৰ উপস্থিতি কামনা কৰিছে নেমুটেঙানী বৈদিক সনাতন ধর্মালোচনী সভাৰ সভাপতি যাদৱ শৰ্মা, সম্পাদক ৰত্ন বৰা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি প্রদীপ দত্ত আৰু সম্পাদক ভদ্ৰেশ্বৰ বৰাই।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like