নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাতিনীক ‘বঞ্চনা’ ! ৫ কোটিৰ সম্পত্তিৰ পৰা ৫,০০০হে দিলে বৃদ্ধই

🔹 ককাকৰ বিৰুদ্ধে গোচৰ তৰিও হতাশ পাঁচ যুৱতী

বিশেষ বাৰ্তা, ১১ মার্চ : ৫ কোটি টকাৰ অধিক মূল্যৰ সম্পত্তি আছিল বৃদ্ধৰ৷ লগতে ৪.৫ কোটি টকাৰ বাসগৃহও আছিল বৃদ্ধৰ নামত৷ বৃদ্ধৰ মৃত্যুৰ পিছত সন্তানসকলে এই সম্পত্তি লাভ কৰাৰ কথা আছিল৷ কিন্তু মৃত্যুৰ পূর্বে বৃদ্ধই উইল কৰি সম্পত্তি লিখি থৈ গ’ল যদিও ৫ নাতিনীক বঞ্চিত কৰে৷ হাস্পতালত ৫ নাতিনীয়ে বৃদ্ধৰ খবৰ ল’বলৈ অহা নাছিল৷ বৃদ্ধ অৱস্থাত বিছনাত পৰি থকা সময়ত নাতিনীসকলে তেওঁক কোনোদিন উভতি নাচালে৷ সেয়ে মাত্র ৫,০০০ টকা ৫ নাতিনীক দি দায়িত্ব সামৰিলে বৃদ্ধই৷ এই ঘটনাটো ব্রিটেইনৰ৷ বৃদ্ধৰ ‘বঞ্চনা’ৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল ৫ যুৱতী৷ কিন্তু আদালতেও বৃদ্ধৰ এই নাতিনীয়েকসকলক কোনোধৰণৰ সকাহ নিদিলে৷ উল্লেখনীয় যে ৩ সন্তানৰ পিতৃ আছিল বৃদ্ধ৷ ২০২০ চনতে বৃদ্ধৰ মৃত্যু হৈছে৷ ২০১৫ চনত বৃদ্ধৰ এজন পুত্রৰ মৃত্যু হয়৷ এই পুত্রৰ আছিল ৫ কন্যা৷ কিন্তু বৃদ্ধক এই ৫ নাতিনীয়েকে এবাৰো ঘূৰি চোৱা নাছিল৷ গতিকে অন্য দুই সন্তানৰ নামত টকা–পইচা আৰু ঘৰ–সম্পত্তি লিখি দিয়াৰ বিপৰীতে ৫ নাতিনীৰ নামত মাত্র ৫,০০০ টকা উইল কৰি গৈছে বৃদ্ধই৷ লক্ষণীয়ভাৱে আদালতে বৃদ্ধৰ এই কার্যক যুক্তিসংগত বুলি অভিহিত কৰিছে৷ বৃদ্ধাৱস্থাত যিসকলে শুশ্রূষা কৰে, তেওঁলোকেহে সম্পত্তিৰ উত্তৰাধিকাৰ দাবী কৰিব পাৰে বুলি আদালতৰ ৰায়ত উল্লেখ কৰা হয়৷

You might also like