নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী : ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ শক্তিশালী সাংগঠনিক ভেটি থকা ঢকুৱাখনা বিধান পৰিষদৰ নৱনিৰ্বাচিত সমিতিখনে ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। অগপৰ ঢকুৱাখনা বিধান পৰিষদৰ কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত আৰু ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত নৱনিৰ্বাচিত সভাপতি মহেশ দলে, সাধৰণ সম্পাদক সমুজ্জ্বল চেতিয়া, সুৰেন চাংমাই, বিত্ত সম্পাদক নিতুল বৰা (টুনটুন)কে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়াই নিজৰ নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷ সভাত অনাগত ৩ বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত বিধান পৰিষদ সমিতিখনৰ হৈ সভাপতি, সম্পাদক আৰু বিত্ত সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলে পূৰ্বৰ সমিতিৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগতে বিধান পৰিষদৰ ভাতৃ আৰু ভগ্নী সংগঠন যুৱ পৰিষদ আৰু মহিলা পৰিষদ সমিতি দুখনৰ নৱনিৰ্বাচিত সমিতিৰ বিষয়ববীয়াসকলেও পূৰ্বৰ সমিতিৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে। তিনিওখন বিধান পৰিষদ সমিতিয়ে আঞ্চলিক দলটোক জনমুখী কৰাৰ লগতে দলটোক আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজৰ আস্থাভাজন কৰি তুলিবলৈ সাংগঠনিক তৎপৰতা গ্ৰহণ আৰু দলৰ বুনিয়াদ সবল কৰাৰ স্বাৰ্থত আত্মনিয়োগ কৰাৰ বাবে প্ৰতিগৰাকী নতুন বিষয়ববীয়াই সংকল্প গ্ৰহণ কৰে।
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি