নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ লকডাউনৰ মাজতে সমাজৰ দুর্বল শ্রেণীৰ লোকসকল আর্থিক সংকটৰ সন্মুখীন হৈ উৱাদিহ নোপোৱা হৈ পৰিছে ৷ এনে পৰিস্থিতিৰ মাজতে বুধবাৰে নলবাৰী জিলাৰ ধর্মপুৰ সমষ্টিৰ নিজ পকোৱাৰ এজন যুৱকে আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে ৷ আত্মহনন কৰা যুৱকজন হৈছে জিলাখনৰ বেলশৰ থানাৰ অন্তর্গত নিজ পকোৱা গাঁৱৰ কৈৱর্ত চুবুৰিৰ দিন হাজিৰা কৰা মণ্টু দাস (৩০) ৷ জানিব পৰা মতে, দীর্ঘদিনীয়া লকডাউনৰ পৰিপ্রেক্ষিতত আর্থিক সংকটৰ সন্মুখীন হৈছিল মণ্টু ৷ ফলত পাৰিবাৰিক সংঘাতত লিপ্ত হৈ মণ্টুৱে আত্মহত্যাৰ পথ বাছি ল’ব লগা হয় ৷ দিন–হাজিৰা কৰা বিবাহিত যুৱকজনে পুৱতিনিশা ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ কাষৰে পথাৰৰ মাজৰ গছ এডালত চিপ লৈ আত্মহত্যা কৰে ৷ বুধবাৰে পুৱা স্থানীয় লোকে মৃতদেহটো প্রত্যক্ষ কৰি হুৱাদুৱা লগায় ৷ পাছত উক্ত অঘটন সন্দর্ভত স্থানীয় বেলশৰ থানাৰ আৰক্ষীক অৱগত কৰোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ সেইমর্মে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত শৱ ঘৰলৈ আনি সৎকাৰৰ ব্যৱস্থা কৰা হয় ৷ মৃত্যুৰ সময়ত যুৱকজনে পত্নীৰ লগতে দুটি কণমানি কন্যা সন্তান এৰি থৈ যায়৷ যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷