মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দুয়োটা কিডনী দান কৰিলে এজন যুৱকে
নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দুয়োটা কিডনী দান কৰিলে শোণিতপুৰৰ ঢেকীয়াজুলিৰ এজন যুৱকে। ক’ৰোনাৰ পৰা ৰাজ্য়বাসীক পৰিত্ৰাণ দিবৰ বাবে দিন-ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা অক্লান্ত যোদ্ধা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এদিনৰ বাবে অসুস্থ হৈ পৰিছিল। কিডনীত ষ্টন হোৱা বাবে এদিন ঘৰতে বিশ্ৰাম লৈছিল মন্ত্ৰীগৰাকীয়ে। এনে সময়তে ৰাজ্যৰ সকলো প্ৰান্ততে মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা। মন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য় কামনা কৰি ঢেকীয়াজুলিৰ বিশ্বজিত ভগত নামৰ যুৱকজনে দান কৰিলে দুয়োটা কিডনী।
এই বাৰ্তা পোৱাৰ লগে লগে টুইটযোগে কৃতজ্ঞতা জ্ঞাপন কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বৃক্কত জমা হোৱা পাত্থৰৰ বাবে অসুস্থ হৈ থকা কালত ১৪ জুনতে ঢেকীয়াজুলিৰ শ্ৰীবিশ্বজিৎ ভগতৰ পৰা লাভ কৰা এই শুভেচ্ছাবাৰ্তাটো মই কালি নিশাহে দেখিবলৈ পালোঁ। জননী জন্মভূমিৰ প্ৰতি মোৰ জীৱনটো উচৰ্গা কৰাৰ বাদে তেওঁক ধন্যবাদ জনাবলৈ মোৰ কোনো ভাষা নাই। pic.twitter.com/U0wOxp0wOT
— Himanta Biswa Sarma (@himantabiswa) July 20, 2020