ধিঙৰ বেছামাৰী এম. ই. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা ব্যৱস্থাপনাক লৈ এক গুৰুতৰ গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়খনৰ অধ্যক্ষ ছাদিক আনোৱাৰৰ অৱহেলাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱক আৰু শিক্ষকসকলে।
খবৰ অনুসৰি, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ভূগোল বিষয়ৰ পৰীক্ষা পুৱা ৯ বজাত অনুষ্ঠিত হ’ব লাগিছিল। কিন্তু অধ্যক্ষ সময়মতে বিদ্যালয়ত উপস্থিত নোহোৱাত পৰীক্ষা আৰম্ভ কৰাত দেৰি হয়। অধ্যক্ষই নিজৰ কোঠাৰ চাবি লৈ উপস্থিত নোহোৱাত শিক্ষক-কৰ্মচাৰীসকলে বাধ্য হৈ তলা ভাঙি প্ৰশ্ন কাকত উলিয়াবলগীয়া হয়।
ফলস্বৰূপে, ৯ বজাৰ পৰীক্ষা প্ৰায় ১০ বজাৰ পিছত আৰম্ভ কৰিবলগীয়া হয়, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত অসন্তোষৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে, উক্ত বিদ্যালয়ত বেছিমাৰী জ্ঞানদীপ বিদ্যাপীঠ আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (মৈৰাবাৰী অংশ)ৰ প্ৰশ্নকাকত মজুত আছিল।
এই ঘটনাই বিদ্যালয়ৰ প্ৰশাসনিক ব্যৱস্থাপনাক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে অভিভাৱক আৰু স্থানীয় ৰাইজে।
ডিজিটেল ডেস্ক, ১৭ মাৰ্চ