মুছলপুৰত আজি বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বাক্সা জিলা বিপিএফৰ সকলো সমিতিৰ সৈতে নিৰ্বাচনকেন্দ্ৰিক এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে যে অহা ২০ মাৰ্চত বিপিএফে নিজৰ প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰিব। লগতে তেওঁ দাবী কৰে যে দলটোৰ বিৰোধী কোনো শক্তি নাই আৰু জনসাধাৰণৰ মাজত বিপিএফৰ প্ৰভাৱ সুদৃঢ় হৈ আছে।
ইয়াৰ উপৰি বৈঠকত জিলা পৰ্যায়ৰ ১৩গৰাকী কংগ্ৰেছ নেতাই বিপিএফত যোগদান কৰাৰ কথাও প্ৰকাশ পায়, যাক দলটোৱে এক ডাঙৰ ৰাজনৈতিক সফলতা বুলি গণ্য কৰিছে।
এনডিএ ৰাজনীতিক লৈ মন্তব্য কৰি মহিলাৰীয়ে কয় যে বৰ্তমান ইউপিপিএল এনডিএৰ অংশ হিচাপে আছে যদিও তেওঁলোকে কেৱল ক্ষমতাৰ লোভতে ৰাজনীতি কৰিছে। তেওঁ অভিযোগ কৰে যে প্ৰমোদ বড়োৱে গাদীৰ বাবে ৰাজনীতি কৰে আৰু বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে বাস্তৱ কাম কৰা নাই।
প্ৰমোদ বড়োৱে এনডিএত থাকি বিটিএডিৰ ১৫টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰাৰ সন্দৰ্ভত মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে এই সিদ্ধান্তই ৰাজনৈতিক বিভ্ৰান্তি সৃষ্টি কৰিছে। তেওঁ লগতে ঘোষণা কৰে যে বিটিএডিৰ ১৫টা সমষ্টিত বিপিএফে ডাঙৰ ডাঙৰ সভা আয়োজন কৰিব।
বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীৰ বক্তব্যত নিৰ্বাচনৰ আগমুহূৰ্তত বিটিএডি অঞ্চলত ৰাজনৈতিক পৰিস্থিতি অধিক তীব্ৰ হোৱাৰ সংকেত দেখা গৈছে।
ডিজিটেল ডেস্ক, ১৭ মাৰ্চ